উৎসৱৰ সময়ত আইজলত কঠোৰ ট্ৰেফিক আইন বলবৎ কৰা হ’ব

মিজোৰামৰ ৰাজধানী আইজলৰ লগতে আন জিলা সদৰ সমূহত আগন্তুক খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ উদযাপনৰ সময়ছোৱাত পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ যান-বাহন আইন বলবৎ কৰা হ’ব। মঙলবাৰে আইজল জিলাৰ যান বাহন শাখাৰ আৰক্ষী অধীক্ষক চি লালথানমাৱাইয়াই এই কথা প্ৰকাশ কৰিছে।

চলিত মাহৰ আৰম্ভণিতে মিজোৰাম চৰকাৰে পথ সুৰক্ষা নিশ্চিত কৰিবলৈ ‘সহনশীলতাহীন অভিযান’ গ্ৰহণ কৰিছিল।

এই অভিযানৰ সময়ত ট্ৰেফিক আৰক্ষীয়ে ট্ৰেফিক আইন ভংগকাৰী সকলৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিব। বিশেষকৈ মদ্যপান কৰি গাড়ী চলোৱা, ধূম্ৰপান আৰু ম’বাইল ফোনৰ ব্যৱহাৰ কৰা তথা অসম্পূৰ্ণ নথিপত্ৰৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিব।

ইয়াৰ আগেয়ে যান বাহন ব্যৱস্থাপনাৰ সমন্বয় কমিটিৰ এখন বৈঠকত সভাপতিত্ব কৰি গৃহমন্ত্ৰী আৰ লালজিৰলিয়ানাই সোমবাৰে আগন্তুক খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ উদযাপনৰ সময়ত আইজলৰ ব্যস্ততাপূৰ্ণ অঞ্চলসমূহত ‘বাহন নিষিদ্ধ অঞ্চল’ প্ৰয়োগ কৰাৰ বিষয়টোত সন্মতি দিছিল।

বৈঠকত লগতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে নিৰ্দিষ্ট কিছুমান পথত গাড়ী চলাচলৰ সংখ্যা নিৰ্দ্ধাৰণ কৰি দিয়া হ’ব আৰু ৰাস্তাৰ কাষৰ ব্যৱসায়ীসকলক নিয়ন্ত্ৰ: কৰিব আইজল মিউনিচিপাল কৰ্পোৰেচনে। ৰাজ্যৰ ৰাজধানী চহৰখনত ২২,২৩ আৰু ৩০ ডিচেম্বৰত ‘বাহন নিষিদ্ধ মণ্ডল’ প্ৰয়োগ কৰা হ’ব।

ট্ৰেফিক ব্যৱস্থাপনাৰ সমন্বয় কমিটিৰ বৈঠকত লগতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে নগৰ উন্নয়ন আৰু দৰিদ্ৰতা নিৰ্মূল বিভাগৰ তৰফৰ পৰা ৰাজপথ সজাই তোলাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব যাতে উৎসৱৰ সময়ত ৰাজপথবোৰ দৃষ্টিনন্দন হৈ পৰে। প্ৰতিযোগিতাৰ বিজয়ীক প্ৰথম পুৰস্কাৰ হিচাপে ১ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৭০,০০০ আৰু তৃতীয় পুৰস্কাৰ ৫০,০০০ টকা ঘোষণা কৰা হৈছে।

বৈঠকত সদস্যসকলে আইজলৰ বাসিন্দাসকলৰ ৮৩ স্থানৰ ভিতৰত ৫৪ স্থানৰ বাসিন্দাসকলে তেওঁলোকৰ অঞ্চলত কিমান গাড়ী আৰু গেৰেজ আছে তাৰ সবিশেষ সংখ্যা দাখিল কৰাৰ বাবে সন্তোষ প্ৰকাশ কৰে। বৈঠকত গেৰেজ নোহোৱাসকলৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়।