এই উন্নত যোগাযোগৰ দিনতো ভালেমান দিনৰ পৰাই বিকল হৈ আছে ‘চাইল্ডলাইন’ সেৱাৰ ফোন নম্বৰ

ৰাজ্যখনত শিশুৰ অধিকাৰ ৰক্ষা তথা শিশুৰ সুৰক্ষাৰ বাবে থকা চৰকাৰৰ ‘চাইল্ডলাইন’ নামৰ সেৱাৰ ফোন নম্বৰ বিকল হৈ আছে যোৱা কেইবাদিনো ধৰি। তথ্য-প্ৰযুক্তি তথা যোগাযোগৰ উন্নত ব্যৱস্থা সকলোৰে বাবে সুলভ হোৱাৰ দিনতো এনে হোৱাটোৱে সচেতন মহল তথা শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ হকে কাম কৰা ব্যক্তি, স্বেচ্ছাসেৱী সংগঠনক বেচ উদ্বিগ্ন কৰি তুলিছে।

উল্লেখযোগ্য যে জৰুৰীকালীন সময়ত শিশু সকলে বা শিশু সকলৰ হৈ আনে বিনামূলীয়াকৈ ফোন কৰিব পৰা বা অভিযোগ দিব পৰা বা বিপদৰ পৰা উদ্ধাৰৰ বাবে সহায় বিচাৰিব পৰাকৈ ট’ল ফ্ৰী নম্বৰ (১০৯৮) ব্যৱস্থা কৰিছে চৰকাৰে। ১৯৯৬ চনত ভাৰত চৰকাৰৰ চাইল্ডলাইন ইণ্ডিয়া ফাউণ্ডেইশ্যন (Childline India Foundation (CIF)) –এ এই নম্বৰ প্ৰচলন কৰিছিল।

‘ইয়াৰ জৰিয়তে শিশু শ্ৰমিকক কামত লগোৱাৰ বিষয়েও খবৰ দিব পাৰি। তেনে খবৰ পোৱা মাত্ৰে শ্ৰম বিভাগে বিষয়টোত কাৰ্য্যকৰী ভূমিকা লৈ অভিযান চলায়।’ ৰাজ্যিক শ্ৰম আৰু কল্যাণ বিভাগৰ এজন শীৰ্ষ পৰ্য্যায়ৰ বিষয়াই কয়। ‘এই নম্বৰটোৰ কোনো বিকল্প নম্বৰ নাই।’ বিষয়াজনে কয়।

জানিব পৰামতে এইটো হ’ল গোটেই দেশৰ ভিতৰতে শিশুৰ সহায় আৰু সুৰক্ষা বিচাৰি যোগাযোগ কৰিব পৰা একমাত্ৰ নম্বৰ। গোটেই দেশজুৰি থকা এই চাইল্ডলাইন প্ৰকল্পটো কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ৰ(MWCD) দ্বাৰা সমৰ্থিত সংহত শিশু সুৰক্ষা আঁচনিৰ (ICPS) অধীনত আছে।

‘এইটো চৌব্বিচ ঘণ্টীয়া সেৱা। মই এইটো কথা আমাৰ কলকাতাৰ কেন্দ্ৰক জনাম আৰু সমস্যাটো সোনকালে সমাধা কৰিবলৈ ক’ম।’ এন ই নাওক এইদৰে কয় চাইল্ডলাইনৰ গুৱাহাটী কেন্দ্ৰৰ সমন্বয়ক নিৰ্মল ডেকাই।

উল্লেখযোগ্য যে ১৪ বছৰৰ তলৰ কোনো শিশু-কিশোৰক কামত নিয়োগ কৰোতা জনৰ বিৰুদ্ধে শিশু শ্ৰমিক (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮৬ ৰ অধীনত গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা লোৱাৰ সুবিধা আছে। এই আইনৰ অধীনত অভিযুক্তই তিনি মাহৰ পৰা ১ বছৰ পৰ্য্যন্ত কাৰাবাস খাটিব লগীয়া হ’ব পাৰে। বা ১০ হাজাৰৰ পৰা ২০ হাজাৰ পৰ্য্যন্ত টকা জৰিমনা ভৰিব লগা হ’ব পাৰে।