একেদিনাই তিনিটাকৈ পথ দুৰ্ঘটনাই কঁপাই গ’ল ডিমৌক; দুজন নিহত আহত কেইবাজনো

Road accident at Dimou

তিনিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই আজি কঁপাই গ’ল ডিমৌক। ডিমৌ চাৰিআলিত সংঘটিত প্ৰথমটো দুৰ্ঘটনাত আজি পুৱা প্ৰাতঃভ্ৰমণলৈ উলাই যোৱা চুনেইনা সিং নামৰ এগৰাকী বৃদ্ধাক এখন অচিনাক্ত বাহনে খুন্দা মাৰে। আঘাত গুৰুতৰ হোৱাত মহিলাগৰাকীয়ে ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়।

আনহাতে, এই ঘটনাৰ ক্ষন্তেক পিছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় আন এক ভয়ংকৰ দুৰ্ঘটনা। ইয়াটো এখন অচিনাক্ত বাহনৰ তীব্ৰ খুন্দাত এখন বলেৰ’ গাড়ী সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। অৱশ্যে দুৰ্ঘটনাটোত গাড়ীখনত থকা আৰক্ষী বিষয়া ফিৰোজ দত্ত, পত্নী নিতুমণি গগৈ দত্ত, গাড়ীচালক কণিষ্ঠবল সৌৰভ বৰা, তেওঁৰ পত্নী সুমন দাস আৰু এটি কণমানি শিশুৰ কথমপি প্ৰাণ ৰক্ষা পৰে। ফিৰোজ দত্তই তেওঁৰ বলেৰ’ গাড়ীখনেৰে গুৱাহাটীৰ পৰা লাহোৱাললৈ আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ মাত্ৰকে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ তৎক্ষনাত আটাইকে ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়। ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনে ঘটনাস্থলীৰ পলায়ন কৰে।

আনহাতে উক্ত দুটাকৈ দুৰ্ঘটনা হৈ যোৱাৰ তিনিঘণ্টাৰ পিছতে আকৌ সংঘটিত হয় আন এক ভয়ংকৰ দুৰ্ঘটনা। এইবাৰ কাছমাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন মাৰুতি চুজুকী এষ্টাৰ আৰু এখন স্কুটীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে তিনিজন যাত্ৰী গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, দুপৰীয়া বকতা পাটসাকোঁৰ পৰা ডিমৌ গড়ভগালৈ আহি থকা এ এছ-০৪-এইচ-৭৮৫২ নম্বৰৰ এষ্টাৰ গাড়ীখনক বিপৰীত দিশৰ পৰা আহি থকা এ এছ-০৬-কিউ-৬১৫৭ নম্বৰৰ তীব্ৰবেগী স্কুটীখনে খুন্দা মাৰে। ফলত স্কুটীখনৰ চালক তথা ডিমৌ কণিষ্ঠ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাৰ ছাত্ৰ ৰূপম সোণোৱাল থিতাতে নিহত হয় লগতে অংকুৰ ৰবি নামৰ আন এজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়।

আনহাতে চুজুকী এষ্টাৰ খনৰ চালক মিনাৰাম বৰুৱা আৰু পত্নী জ্যোতিময়ী বৰুৱাও গুৰুতৰ ভাৱে আহত হয়। দুৰ্ঘটনাত আহত ব্যক্তিসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে তিনিওজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।