‘এখন মনোৰম পৃথিৱীলৈ এখোজ’ : জিআইএমটিৰ দশম বাৰ্ষিক উৎসৱৰ সফল সামৰণি

building1 gimt

গিৰিজানন্দ গ্ৰুপ অৱ ইনষ্টিটিউট, আজাৰা, গুৱাহাটীৰ দশম বাৰ্ষিক উৎসৱ “ইউফিউজিম ২০১৮”ৰ যোৱা ১৬ ফেব্ৰুৱাৰী তাৰিখে সফলভাৱে সামৰণি পৰে। ৫০০০তকৈও অধিক ছাত্ৰ ছাত্ৰী আৰু দৰ্শকৰ অংশগ্ৰহণে উছৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল।

ইয়াত সৃষ্টি হৈছিল কাৰিকৰী,ব্যৱস্থাপনা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ শেহতীয়া তথ্য সমূহৰ আলোচনা আৰু ভাৱ বিনিময়ৰ এখন বিশাল মঞ্চ।

২০ জানুৱাৰীত অৰ্ধ মাৰাথনেৰে আৰম্ভণি হোৱা উৎসৱটোত ভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত হোৱাৰ পিছত  ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি পৰে।

এইবেলিকা অনুষ্ঠানৰ বিষয় “ইউন’য়া” হিচাপে সংগঠিত হয়, যাৰ অৰ্থ হ’ল এখন মনোৰম পৃথিৱীলৈ এখোজ। সুন্দৰ চিন্তা ধাৰা সৃষ্টিৰে এখন সুন্দৰ পৃথিৱী গঢ়াৰ লক্ষ্যৰে ফ্লেচ মোব, বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমত দান বৰঙণি, সহায়ৰ হাত আগবঢ়োৱা হয়।

অনুষ্ঠানৰ সংগতি ৰাখি ভিন্ন খেল ধেমালিৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশ লয় ছাত্ৰ ছাত্ৰী সকলে। বিভিন্ন আন্তঃমহাবিদ্যালয় প্ৰতিযোগিতা  যেনে ফটোগ্ৰাফী, ৰব’টিক্স, কম্পিউটাৰ গেম, তৰ্ক, কুইজ(কুইজাৰ্ড), গান(সুৰযাত্ৰা), নৃত্য( কেভ’চিষ্ট’), নাটক, হস্তকলা ইত্যাদি অনুষ্ঠিত হয়।

১৪ ফেব্ৰুৱাৰীত অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আৰু লগতে উপস্থিত থাকে বহুতো গণ্য মান্য ব্যক্তি । ভাষণত মুখ্য অতিথি নিতুমণি শইকীয়াই তেওঁৰ ছাত্ৰ জীৱনৰ সুমধুৰ স্মৃতিবোৰৰ কথা সুঁৱৰি সকলোকে সপোনবোৰ বাস্তৱায়িত কৰিবলৈ উৎসাহ যোগায় আৰু কয় যে বিদ্যায়তনিক দিশৰ বাহিৰে আন দিশবোৰতো ছাত্ৰ ছাত্ৰীসকল সক্ৰিয় হ’ব লাগে।

১৫ ফেব্ৰুৱাৰীৰ আকৰ্ষণ আছিল “Glitters” যি অতি মুগ্ধকাৰী আৰু নিজৰ ব্যক্তিত্ব প্ৰকাশৰ এখন সুন্দৰ মঞ্চ । তাৰ পিছতেই সাংস্কৃতিক নিশা জীপাল কৰি তোলে জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ধীৰাজে আৰু তেওঁৰ সুমধুৰ কণ্ঠই সকলোকে মুগ্ধ কৰি ৰাখে।

১৬ ফেব্ৰুৱাৰীৰ নিশা সামৰণি অনুষ্ঠানত বলীউডৰ জনপ্ৰিয় উদীয়মান কণ্ঠশিল্পী সিদ্ধাৰ্থ মহাদেৱনে জীপাল কৰি তোলে গিৰিজানন্দৰ চৌহদ । ৫০০০তকৈও অধিক দৰ্শকে উপভোগ কৰে তেওঁৰ সুমধুৰ কণ্ঠ।