এছিয়াৰ আটাইতকৈ দীঘল ৰজ্জুপথৰ আধাৰশিলা স্থাপন আইজলত

ৰজ্জুপথ

মিজোৰামৰ পৰ্যটন মন্ত্ৰী জন ৰটলুৱানগ্লিয়াই এছিয়াৰ আটাইতকৈ দীঘল ৰজ্জুপথৰ আধাৰশিলা স্থাপন কৰে।

উল্লেখ্যযোগ্য যে এই ৰজ্জুপথটো ৰাজ্যখনত প্ৰথম ৰজ্জুপথ হ’ব।

পৰ্যটন মন্ত্ৰী ৰটলুৱানগ্লিয়াই সাংবাদিকক জানিবলৈ দিছে যে এই ৰজ্জুপথটো দুৰ্টলাং আৰু আইজলৰ চাল্টলাঙত থকা পৰ্যটন লজৰ মাজত ব্যৱহাৰ কৰা হ’ব।

এই ৰজ্জুপথটোৰ বিষয়ে জানিব পৰা মতে ই এছিয়াৰ ভিতৰতেই দীৰ্ঘতম ৰজ্জুপথ হ’ব আৰু ইয়াৰ ফলত অঞ্চলটোলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। ৰাজ্যখনৰ পৰ্যটনৰ ক্ষেত্ৰত এটি ইতিবাচক গতি অনাৰ উদ্দেশ্যে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পটোৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে পুঁজি মোকোলাই দিছে।
এই পৰ্কল্পটোৰ বাবে কেন্দ্ৰই ৯০ কোটি টকা মোকোলাই দিছে আৰু ইয়াৰে প্ৰথম আৰু ২য়টো কিস্তি ইতিমধ্যে আহি ৰাজ্য চৰকাৰৰ হাতত পৰিছেহি।

পৰ্যটন মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে এই ৰজ্জুপথটো ২.২৩ কি:মি: দীঘল হ’ব আৰু এটা যাত্ৰাত ২৪ যাত্ৰীসহ পথচোৱা অতিক্ৰম কৰোতে সময় ল’ব ৮ মিনিট। দিল্লীস্থিত লীডিং এজ প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৱে এই প্ৰকল্পটো বাস্তৱায়িত কৰাৰ দায়িত্ব লাভ কৰিছে।

ছাকাওৰমুইটুৱাইত অৱস্থিত ছিফিৰ আৰু লাংদই গাওঁ পৰিষদে দান কৰা মাটিত ছিফিৰৰ পৰা ছাকাওৰমুইটুৱাইলৈকে এটি স্কাইৱাক নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে মিজোৰাম চৰকাৰে।