NORTHEAST NOW (Assamese)

এছ এম এছ কাণ্ড সন্দৰ্ভত দুলু আহমেদৰ প্ৰতিক্ৰিয়া

December 11, 2017 6:03 pm · এন ই নাও নিউজ

অসম চৰকাৰৰ এগৰাকী প্ৰভাবশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ বাবে ৫ কোটি টকাৰ বিচাৰি প্ৰাক্তন মুখ্য মন্ত্ৰীকে ধৰি কেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতালৈ এটা বিশেষ নম্বৰৰ পৰা এছ এম এছ অহা সন্দৰ্ভত আৰু তাৰ পাছৰ ঘটনাক্ৰম সন্দৰ্ভত আজি প্ৰদেশ কংগ্ৰেছৰ এজন সম্পাদক দুলু আহমেদে nenow.in ৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখযোগ্য যে যি কেইজনলৈ উক্ত বিতৰ্কিত তথা চাঞ্চল্যকৰ এছ এম এছটো গৈছিল, তাৰ ভিতৰত দুলু আহমেদো আছিল। আনহাতে এই এছ এম এছটোৰ আঁত ধৰি আৰক্ষীয়ে হাজো অঞ্চলৰ ফকৰুদ্দিন আলী আৰু পৱন আলী নামৰ দুজনক ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। বিশেষকৈ অভিযুক্ত দুজনৰ এছ এম এছ আৰু কল ৰেকৰ্ড পৰীক্ষা কৰি আছে। আৰক্ষীয়ে ফকৰুদ্দিনে ব্যৱহাৰ কৰা নম্বৰটোৰ কল ডিটেইলচ উলিয়াই তেওঁ কাৰ কাৰ সৈতে সম্বন্ধ আছে বা কথা পাতিছে -এই সকলোবোৰ তথ্য উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

https://youtu.be/YPxxOEpzVIw

এই লৈ সংবাদ মাধ্যমত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইন, দুলু আহমেদলৈ অভিযুক্ত ফকৰুদ্দিন আহমেদৰ নম্বৰৰ পৰা যোৱা এক-ডেৰ মাৰ ভিতৰত কেইবাবাৰো ফোন কল অহা বুলি বাতৰি পৰিৱেশন কৰা সন্দৰ্ভত দুলু আহমেদে কয় যে কাৰোবাৰ পৰা নেতাসকলললৈ ফোন কল অহাটো একো অস্বাভাৱিক নহয় আৰু কল কৰোতাজন কংগ্ৰেছৰ মানুহ নে, বিজেপিৰ মানুহ নে এইটো সোধা নাযায়। কি কথা পাতিছে সেয়াহে গুৰুত্বপূৰ্ণ বুলি কয়। এই সন্দৰ্ভত দুলু আহমেদে এন ই নাওৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এছ এম এছ কাণ্ডৰ সৈতে জড়িত অভিযুক্ত দুজন কংগ্ৰেছী নহয় আৰু তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ আৰু ফকৰুদ্দিনৰ বাসগৃহলৈ হিমন্ত বিশ্ব শৰ্মা প্ৰায়েই আহে বুলি তেওঁৰ পৰিয়ালৰ লোকেই কৈছে বুলি কোৱাৰ লগতে প্ৰায়ে বিজেপিৰ সভাত উপস্থিত থাকে বুলি সাংবাদিকক জানিবলৈ দিয়ে।

Related News