লাহৰীঘাট বজাৰৰ কৃত্ৰিম বানে অসুবিধাত পেলাইছে সাধাৰণ নাগৰিকৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক

FB_IMG_1528870855547

মাথো এজাক বৰষুণ আৰু একাঁঠু পানী ৷ পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনভাৰ দখল কৰা বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত মাথো এজাক বৰষুণতে ৰাস্তাৰ মাজত একাঠুলৈকে পানী জমা হৈ জনজীৱনত বাধাৰ সৃষ্টি কৰা এনে ঘটনা পৰিৱৰ্তনকামী চৰকাৰৰ দিনত সৰ্বত্ৰে উপলব্ধ ৷

ঠিক সেইদৰে আজি এজাক চিপচিপিয়া বৰষুণৰ পাছতেই লাহৰীঘাট বজাৰৰ মূল পথত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত যাতায়তত ব্যাপক অসুবিধাৰ সৃষ্টি হয়৷ লাহৰীঘাট থানাৰ সন্মুখৰ পৰা বজাৰৰ সিমূৰলৈ এজাক বৰষুণত ৰাস্তা পানীৰে পৰিপূৰ্ণ হৈ পথচাৰী যাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে।

এই কৃত্ৰিম বানে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় অঞ্চলৰ লোক কেনে সমস্যাৰ সন্মুখিন হৈছে তাক সহজেই অনুমান কৰিব পাৰি৷ বজাৰখনৰ সদা ব্যস্ত ভূৰাগাঁও-নগাঁও সংযোগী গড়কাপ্টানী পথত একাঠু পৰ্যন্ত পানী জমা হৈ থকাৰ বাবে পথটোৰে যাতায়াত একেবাৰে ব্যাহত হৈ পৰিছে৷

উল্লেখ্য যে ৰাস্তাৰ দুয়োকাষে নিৰ্মীয়মান পকা নলাসমূহৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠাত বৰষুণৰ পানী পথৰ ওপৰতে আবদ্ধ হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰি আহিছে ৷ যাৰ ফলত বজাৰখনৰ সাধাৰণ জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে৷

কৃত্ৰিম বানৰ কবলত পৰি জীয়াতু ভুগি থকা এই বিস্তীৰ্ণ অঞ্চলৰ দুৰ্ভগীয়া ৰাইজ তথা বিভিন্ন দল সংগঠনে এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ বহুবাৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে।