‘এডপ্ট এ হেৰিটেইজ’ আঁচনিৰ নামত অসমীয়াৰ স্বাভিমানত আন এক কুঠাৰাঘাত : বৰপেটা জিলা কৰ্মচাৰী পৰিষদ

RangGhar

‘এডপ্ট এ হেৰিটেইজ’ আঁচনিৰ নামত অসমীয়া জাতিৰ স্বাভিমানত আন এক কুঠাৰাঘাত কেন্দ্ৰীয় চৰকাৰৰ। -এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰপেটা জিলা সমিতিৰ।

অসমৰ ঐতিহ্যক্ষেত্ৰ আৰু আপুৰুগীয়া স্থায়ী সম্পদসমূহক ‘এডপ্ট এ হেৰিটেইজ’ আঁচনিৰ জৰিয়তে ব্যক্তিগত কোম্পানিক গতাই দিব খোজা কাৰ্য্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ সময়তে উক্ত আঁচনিখন সন্দৰ্ভত মন্তব্য আগ বঢ়ায় বৰপেটা জিলা কৰ্মচাৰী পৰিষদে।

আজি বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অপূৰ্ব শৰ্মা আৰু সম্পাদক উৎপল কুমাৰ দাসে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে বিষয়টো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,  ৰাজ্যখনৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা, কীৰ্তিস্তম্ভ ৰংঘৰ, কাৰেংঘৰ, শিৱদৌলক ‘এডপ্ট এ হেৰিটেইজ’ আঁচনিৰ জৰিয়তে ‘চি এছ আৰ’ৰ নামত পুঁজিপতি গোষ্ঠীক গতাই দিব খোজা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে।

‘এডপ্ট এ হেৰিটেইজ’ আঁচনিৰ ফলত অসমৰ ঐতিহ্যক্ষেত্ৰ আৰু আপুৰুগীয়া সম্পদসমূহৰ একো উন্নয়ন ঘটাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰি এই আঁচনিৰ জৰিয়তে কোম্পানিসমূহে লাভৱান হোৱাৰহে সম্ভাৱনা আছে বুলি মত ব্যক্ত কৰে। পৰিষদে জনায় যে, এশিঙীয়া গঁড়কে ধৰি একাধিক বিপন্ন বন্যপ্ৰাণীৰ আৱাসস্থলী কাজিৰঙাৰ উন্নয়নৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও তাকে নকৰি কাজিৰঙাক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব খুজিছে চৰকাৰে।

ইয়াৰ জৰিয়তে ব্যক্তিগত কোম্পানীক ব্যৱসায়ৰ বাট মুকলিহে কৰি দিয়া হৈছে বুলি উল্লেখ কৰে কৰ্মচাৰী পৰিষদে। চৰকাৰৰ এনে সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলিও কৰ্মচাৰী পৰিষদে মন্তব্য কৰে।

ইপিনে, অসমীয়াৰ স্বাভিমানৰ প্ৰতীক তথা আহোমৰ ছশ বছৰীয়া ৰাজত্বকালৰ গৌৰৱ ৰংঘৰ, কাৰেংঘৰ, শিৱদৌলৰ উন্নয়নৰ বাবে ব্যক্তিগত কোম্পানিক গতাই দিয়া কাৰ্য্য সমগ্ৰ অসমীয়া জাতিৰ স্বাভিমানত কুঠাৰাঘাত আৰু জাতীয় চৰকাৰখনৰ বাবে লজ্জাজনক বুলিও অভিহিত কৰিছে কৰ্মচাৰী পৰিষদে।

এই আঁচনিখন কাৰ্যকৰী কৰাৰ আগেয়ে অসমৰ ৰাইজৰ আৱেগ-অনুভূতিক প্ৰাধান্য দি বিভিন্ন দল-সংগঠনৰ লগত আলোচনা কৰাটো উচিত আছিল বুলি উল্লেখ কৰি এই আঁচনিখনক শীঘ্ৰে বাতিল কৰাৰ বাবে দাবী জনাইছে বৰপেটা জিলা কৰ্মচাৰী পৰিষদে।