এডপ্ট এ হেৰিটেজ : দায়িত্ব পায়েই যাদুঘৰ নিৰ্মাণৰ নামত কাজিৰঙাৰ প্ৰায় ২০০ বিঘা মাটি বিচাৰিলে জে টি আয়ে

কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত Adopt a heritage নামৰ আঁচনিখনৰ অধীনত অসমৰ এটা টুৰিজম কোম্পানি জাংগল ট্ৰেভেলছ ইণ্ডিয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু শিৱসাগৰৰ ঐতিহ্যক্ষেত্ৰসমূহৰ চোৱাচিতাৰ দায়িত্ব পাইছে বুলি আজি সংবাদমেলত ব্যক্ত কৰিছে কোম্পানীটোৰ সঞ্চালক আশিস ফুকনে।

মন কৰিব লগীয়া কথা যে নিজৰ ৱেবছাইটত destination management company বুলি ঘোষণা কৰা টুৰিজম কোম্পানিটোৰ কৰ্তৃপক্ষই দুদিন পূৰ্বে সংবাদ মাধ্যমক তেওঁলোকে এই দায়িত্ব পোৱা নাই বুলি কৈছিল। লগতে তেওঁলোকে পালেও ইমান ডাঙৰ কাম এটা চম্ভালিব নোৱাৰিব বুলি মন্তব্য কৰিছিল।

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ এই বিতৰ্কিত আঁচনিখনৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিবাদ চলি আছে। Adopt a heritage নামৰ আঁচনিখনৰ অচিলাত কাজিৰঙা, আৰু শিৱসাগৰৰ ঐতিহ্যক্ষেত্ৰবোৰ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ কুচকাৱাজ চলিছে বুলি আৱাজ উঠিছে সমগ্ৰ ৰাজ্যবাসীৰ মাজত।

আনহাতে আজি দায়িত্ব পোৱা বুলি জানিবলৈ দি সংবাদ মাধ্যমৰ আগত destination management company টোৰ সঞ্চালক আশিস ফুকনে মন্তব্য কৰে যে মূল এলেকাৰ বাহিৰত ৫০একৰ চৰকাৰী ভূমিত এটা বৃহৎ যাদুঘৰ নিৰ্মাণৰ প্ৰস্তাৱ তেওঁ চৰকাৰলৈ আগ বঢ়াইছে।

সঞ্চালকজনৰ এই স্বীকাৰোক্তিয়ে স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰৰ মতলব সম্পৰ্কত অধিক সন্দেহী কৰি তুলিছে অসমবাসীক। দায়িত্ব পোৱাৰ আগতেই বা পায়েই যাদুঘৰৰ নামত বন্যপ্ৰাণীৰ বাবে ঠাইৰ নাটনি হোৱা কাজিৰঙাত ৫০একৰ (প্ৰায় ২০০ বিঘা) চৰকাৰী ভূমি হস্তগত কৰিব খোজাটোৱে চকু কপালত তুলিছে সচেতন ৰাইজৰ।

আনহাতে সঞ্চালকজনে সংবাদ মাধ্যমৰ আগত কয় যে দায়িত্ব পালেও তেওঁলোকে কাজিৰঙাৰ মূল ভূখণ্ডৰ বাহিৰতহে ইয়াক অধিক জিলিকাই তুলিবৰ বাবে কিছুমান আন্তঃগাঁথনিৰ কাম কৰিব।

কিন্তু স্বাভাকিভাৱে উঠা প্ৰশ্নটো হৈছে- নিজকে সৰু কোম্পানি বুলি দুদিন আগত কোৱা কোম্পানি এটাই কিদৰে ইমান ধন খৰচ কৰিব? এনেকুৱা আঁচনিৰ নামত যদি চৰকাৰৰ পৰা ধন ল’বলৈ হয়, তেন্তে তেওঁলোকে adopt কৰাৰ অৰ্থ কি হ’ব? আৰু CSR ৰ তাৎপৰ্য্য কি হ’ব?