• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এডভাণ্টেজ আচাম’ নামৰ জৰিয়তে অসমক পুঁজিপতিৰ হাতত গতাবলৈ বিজেপি চৰকাৰে কৰা এক চক্ৰান্ত : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 25, 2018 9:33 pm
প্ৰতিনিধিত্বমূলক ফটো
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৩ আৰু ৪ ফ্ৰেব্ৰুৱাৰীত অসম চৰকাৰৰ উদ্যোগত আয়োজিত হ’বলগীয়া এডভাণ্টেজ আচামৰ বিৰোধিতা কৰি আজি মহানগৰীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত কৃষক নেতা অখিল গগৈয়ে এখন সংবাদমেল আয়োজন কৰে।

বিজেপি চৰকাৰে এডভাণ্টেজ আচামৰ জৰিয়তে অসমক পুঁজিপতিৰ হাতত গতাবলৈ বিচৰা সিদ্ধান্তক চৰকাৰৰ এক ষড়যন্ত্ৰ বুলি আজিৰ সংবাদমেলত কৃষক নেতাজনে সদৰি কৰে। এডভাণ্টেজ আচাম নামৰ বিনিয়োগ মেলাৰ জৰিয়তে অসমক পুঁজিপতিৰ হাতত বিক্ৰী কৰিব বিচাৰিছে বুলি কটাক্ষ কৰি কৃষক নেতাজনে কয় যে অসমৰ সম্পদৰাজি আৰু ৰাজকোষৰ ধন পুঁজিপতিক গতাবৰ বাবে এনেধৰণৰ বিনিয়োগ মেলাৰ আয়োজন কৰিছে বিজেপি চৰকাৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৰা অভিযোগ অনুসৰি অসম চৰকাৰৰ এই পদক্ষেপ পুঁজিপতিসকলক ৰঙা দলিছা পৰাই নহয়, বৰঞ্চ পুঁজিপতিৰ ওচৰত অসমক বিক্ৰী কৰাৰ নামান্তৰ মাত্ৰ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে আজিৰ সংবাদমেলত কিছু তথ্য প্ৰকাশ কৰি উল্লেখ কৰে যে ‘অসম ইণ্ডাষ্ট্ৰিজ(টেক্স ৰিইমবাৰ্চমেন্ট ফৰ ইলিজিবল ইউনিট) ২০১৭’’ অনুসৰি মধ্যমীয়া আৰু বৃহৎ উদ্যোগৰ নিৰ্ধাৰিত মূলধন বিনিয়োগৰ ওপৰত ১৫০ শতাংশ আৰু মেগা উদ্যোগৰ নিৰ্ধাৰিত মূলধন বিনিয়োগৰ ওপৰত ২০০ শতাংশ কৰ পাঁচ বছৰৰ বাবে ৰেহাই দিয়া হ’ব। কিন্তু এই ব্যৱস্থাৰ দ্বাৰা অসমৰ থলুৱা ক্ষুদ্ৰ উদ্যোগসমূহে ৰাজসাহায্য লাভ কৰাৰ পৰা বঞ্চিত হ’ব বুলি সংবাদমেলত সদৰি কৰে।

আনহাতে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে এই ব্যৱস্থাৰ জৰিয়তে অসমৰ থলুৱা কুটীৰ উদ্যোগসমূহক ধ্বংশ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ এক অভিযোগ তোলে সংগঠনটোৰ উপদেষ্টা অখিল গগৈয়ে। তেওঁ উল্লেখ কৰা অনুসৰি মাত্ৰ ১০ কোটি টকা খৰচ কৰিলেই কামৰূপৰ চেনীকল আৰু মাত্ৰ ১০০ বা ২০০ কোটি টকা খৰট কৰিলে জাগীৰোড আৰু কাছাৰৰ কাগজকলটো মুকলি হ’লহেঁতেন।

উল্লেখযোগ্য যে এই কৰ নীতিৰ দ্বাৰা অতি কমেও ২,২৫০ কোটি টকা ব্যয় হ’ব বুলি অখিল গগৈয়ে এক তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। এই প্ৰসংগত তেওঁ ইমান টকাৰ বিনিয়োগ কৰাৰ ফলত অসমৰ কি কি লাভ হ’ব বুলি অসম চৰকাৰৰ বিত্ত বিভাগৰ প্ৰতি এক প্ৰশ্ন উত্থাপন কৰে। গগৈৰ মতে এই পুঁজিৰে এক লাখ টকাকৈ দি ৰাজ্যৰ মুঠ ২ লাখ ৫০ হাজাৰ নিবনুৱাক চৰকাৰে সংস্থাপন দিব পাৰিলেহেঁতেন।

আনহাতে এনে উদ্যোগসমূহে ঘোষিত নীতিতকৈ দহ গুণ কম হাৰত নিযুক্তি প্ৰদান কৰি ৰাজসাহায্য লাভ কৰিছে বুলি কৃষক নেতাজনে উক্ত সংবাদমেলত মন্তব্য কৰে। অসম চৰকাৰৰ শ্ৰম বিভাগৰ পৰা লাভ কৰা এখন তালিকা প্ৰকাশ কৰি কৃষক নেতাজনে কয় ‘’মেগা উদ্যোগ হিচাপে স্বীকৃতি লাভ কৰা টপচেম চিমেন্টে মাত্ৰ ৮৬ জন আৰু ষ্টাৰ চিমেন্টে ১৩৭ জন লোককহে কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে।

কৃষক নেতা গগৈৰ মতে ২,২৫০ কোটি টকা খৰচ কৰি ৪,৫০০ জন নিবনুৱাই কোনোপধ্যেই চাকৰি লাভ নকৰে। আনহাতে এই ২,২৫০ কোটি টকা পুঁজিপতি উদ্যোগপতিৰ হাতত গতাই নিদি অসমীয়া নিবনুৱাক ২ লাখ টকাকৈ ব্যক্তিগত হিতাধিকাৰী হিচাপে প্ৰদান কৰি ১ লাখ ১২ হাজাৰ ৫০০ জন নিবনুৱাক আত্মসংস্থাপন প্ৰদান কৰাৰ এক উপদেশ আগবঢ়ায়।

উল্লেখযোগ্য যে চৰকাৰে কৰা ঘোষণা অনুসৰি গুৱাহাটীৰ পৰা পাঠশালা, বকো আৰু জাগীৰোডলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ প্ৰায় ১৮০ বৰ্গ কিলোমিটাৰ মাটি ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ অন্তৰ্ভূক্ত হ’ব। এই সংক্ৰান্তত গগৈয়ে মত প্ৰকাশ কৰে যে পুঁজিপতিসকলে বিনামূলীয়াকৈ চৰকাৰৰ পৰা এই মাটি লাভ কৰিব। তাৰ বিপৰীতে ১,২৬,০৬১ বিঘা কৃষিভূমি উদ্যোগ স্থাপনৰ নামত পুঁজিপতিৰ হাতত চৰকাৰে গতাই দিব। এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিশাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰে কৃষক নেতাজনে।

এই সংবাদমেলতে তেওঁ মত প্ৰকাশ কৰে যে এই বৃহৎ পৰিমাণৰ ভূমিৰ প্ৰত্যেক বিঘা মাটি যদি একো একোটা ভূমিহীন পৰিয়ালক প্ৰদান কৰে তেন্তে ১,২৬,০৬১ টা পৰিয়ালে সংস্থাপন লাভ কৰিব পাৰিব।

জাতি-মাটি ভেটিক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰখনে বৰ্তমান কেন্দ্ৰীয় চৰকাৰক অনুকৰণ কৰি অসমক বিক্ৰী কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি সৰ্বানন্দ সোণোৱাল চৰকাৰক কটাক্ষ কৰে অখিল গগৈয়ে।

তদুপৰি কৃষক নেতাজনে অসম বিক্ৰী কৰিবলৈ প্ৰস্তুতি চলোৱা এডভাণ্টেজ আচাম অনুষ্ঠানত অসমবাসীক সহযোগিতা প্ৰদান নকৰিবৰ বাবে আহ্বান জনায়।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd