NORTHEAST NOW (Assamese)

এতিয়াও মুকলি আকাশৰ তলত আশ্ৰাফ হত্যাৰ অভিযুক্ত, আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট পৰিয়াল

June 15, 2018 6:37 pm · নীলমণি শৰ্মা
Updated: June 15, 2018 6:40 pm

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰত যোৱা ৭ জুনৰ সন্ধিয়া স্থানীয় যুৱ ব্যৱসায়ী আশ্ৰাফ আলীক কোনো লোকে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হৈছিল। হত্যাৰ ঘটনাই আজি এসপ্তাহ অতিক্ৰম কৰিলে আৰু অভিযুক্তসকল এতিয়াও মুকলি আকাশৰ তলত৷ পিছে পৰিতাপৰ কথা এই যে, আৰক্ষীয়ে আজি পৰ্যন্ত অভিযুক্ত জ্যোতিষ ৰায়ৰ বাহিৰে ঘটনাত জড়িত আন কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ক্ষিপ্ৰতাৰে তদন্ত চলাই থকা বুলি প্ৰকাশ কৰিছে যদিও আশ্ৰাফ আলীৰ পৰিয়ালটো আশ্বস্ত হ’ব পৰা নাই৷

উল্লেখ্য যে নিহত আশ্ৰাফ আলীৰ পৰিয়ালৰ লগতে নিহত আশ্ৰাফৰ পত্নী উপমা বৰা আহমেদেও এই হত্যাকাণ্ডৰ মূল অভিযুক্ত হিচাপে নিহত আশ্ৰাফ আলীৰ শাহুৱেক নগাঁৱৰ কামপুৰৰ বাসিন্দা লাৱণ্য বৰাৰ বিৰুদ্ধে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে ৷ ঘটনাৰ পিছদিনাই ঘটনা সন্দৰ্ভত বিতং ভাবে উল্লেখ কৰি আশ্ৰাফ পৰিয়ালে আৰক্ষী থানাত লাৱণ্য বৰাসহ মুঠ ছজন লোকৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল৷

ইয়াৰে জ্যোতিষ ৰায় নামৰ যুৱক জনৰ বাহিৰে হত্যা কাণ্ডত জড়িত আন কাকো আটক কৰিবলৈ সক্ষম নোহোৱাত নিহতৰ পৰিয়ালে উদ্বেগ প্ৰকাশ কৰিছে ৷ ইফালে কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ ঈদ উল ফীতৰ ৷ তেনে অৱস্থাত নিহত এশ্ৰাৱৰ পৰিয়ালত এক শোকাকুল পৰিবেশে আবৰি আছে৷

সেয়ে স্থানীয় ৰাইজে অতি শীঘ্ৰে আশ্ৰাফ আলীৰ হত্যাকাণ্ডত জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে৷ উল্লেখযোগ্য যে নিহত আশ্ৰাফ আলীয়ে নগাঁৱৰ কামপুৰৰ এগৰাকী হিন্দু ধৰ্মীয় যুৱতীক প্ৰেমৰ সূত্ৰে আজি কেইমাহ মান আগতে বিয়া কৰাইছিল৷

Related News