এতিয়ালৈকে ঘোষিত নহ’ল মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষাৰ সময়সূচী : উৎকণ্ঠাত শিক্ষাৰ্থী-অভিভাৱক

প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

২০১৮ বৰ্ষৰ নতুন শিক্ষা বৰ্ষৰ তিনিমাহ পাৰ হৈ যোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষা সন্দৰ্ভত কোনো সময়সূচী নিৰ্ধাৰণ নোহোৱাত ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰী সকল দোমোজাত পৰিছে।

উল্লেখযোগ্য যে গুণগত শিক্ষাৰ মানদণ্ড নিৰূপণ তথা শিক্ষা ব্যৱস্থাত পৰিৱৰ্তনৰ লক্ষ্যৰে ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম আৰু অষ্টম মানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতি বৰ্ষতে অনুষ্ঠিত হৈ আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষা। পূৰ্বতে এই পৰীক্ষা সময়মতে অনুষ্ঠিত হৈ আহিছিল যদিও এই বৰ্ষত নতুন শিক্ষা বৰ্ষৰ তিনিমাহ ওকলিবৰ হ’ল যদিও বৰ্তমানলৈকে পৰীক্ষা কোনো সময়সূচী নিৰ্ধাৰণ হোৱা নাই। ফলত এই কথাই সচেতন লোক সকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আনকি পৰীক্ষাৰ সময়সূচী সম্পৰ্কত বৰ্তমানলৈকে শিক্ষা বিভাগে বিদ্যালয় সমূহলৈ কোনো নিৰ্দেশনা প্ৰেৰণ নকৰাত ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলো এই ক্ষেত্ৰত দোমোজাত পৰিছে।

অভিভাৱক সকলে প্ৰকাশ কৰা মতে ছাত্ৰ-ছাত্ৰী সকলে নতুন শিক্ষা বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে নতুন শ্ৰেণীৰ পাঠ্যক্ৰমত ব্যস্ত হৈ পৰিছে। তেনে সময়তে এতিয়া বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিলে ছাত্ৰ-ছাত্ৰী সকলে আকৌ এৰি থৈ অহা শ্ৰেণীৰ পাঠ্যপুথি পঢ়িব লগা হ’ব যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ মানত অনীহাৰ উদ্ভৱ হয়। গতিকে অভিভাৱক সকলে উক্ত মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষা শিক্ষাবৰ্ষৰ অন্তিম সময়ছোৱাতে অনুষ্ঠিত কৰিব লাগে বুলি মত প্ৰকাশ কৰে।

লগতে ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনৰ লগতে হেতালি খেলা কাৰ্য বন্ধ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক জীৱনৰ প্ৰতি গুৰুত্ব দি অতি শীঘ্ৰে এই বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিব সচেতন লোক তথা অভিভাৱক সকলে সংশ্লিষ্ট বিভাগক আহ্বান জনাইছে।