এনআৰচিৰ অন্তিম খচৰাত ৪০ লক্ষাধিক লোকৰ নাম বাদ পৰাটোত ষড়যন্ত্ৰৰ গোন্ধ পাইছে আজমলে

IMG-20180730-WA0033

সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ (AIUDF) সভাপতি বদৰুদ্দিন আজমলে আজি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় ৰঞ্জন গগৈ আৰু ৰহিণ্টন ফালি নাৰিমেনক ধন্যবাদ জ্ঞাপন কৰে আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰাৰ প্ৰকাশক ওলগনি জনায়।
গুৱাহাটীত এখন সংবাদমেলক সম্বোধন কৰি আজমলে কয়, ‘‘আমি সদায় এখন অবৈধ অনুপ্ৰৱেশকাৰী মুক্ত অসমৰ সপক্ষে আছোঁ। আজি প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা হৈছে এখন অবৈধ অনুপ্ৰৱেশকাৰী মুক্ত অসমৰ প্ৰথম পদক্ষেপ।’’
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰাত বাদ পৰা ৪০,০৭,৭০৭ গৰাকী লোকৰ বিষয়ে ক’বলৈ গৈ তেওঁ কয়, ‘‘এয়া সৰু কথা নহয়। অন্তিম খচৰাত বিপুল সংখ্যক লোকৰ নাম বাদ পৰিছে। আমি আশা কৰোঁ যে সংশ্লিষ্ট কৰ্তৃপক্ষই জনগণৰ দাবী আৰু অভিযোগসমূহ মনোযোগেৰে শুনিব। কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱা অনুচিত আৰু কোনো ভাৰতীয় নাগৰিকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰিব নালাগে। যিহেতু এয়া এখন খচৰাহে সেয়েহে আমি অপেক্ষা কৰিম।’’
আজমলে আৰু কয়, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰাৰ পৰা ৪০,০৭,৭০৭ গৰাকী লোকৰ নাম বাদ পৰাটোত আমি ষড়যন্ত্ৰৰ গোন্ধ পাইছোঁ।আমি তথ্যৰ যোগান ধৰিম। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰাত যি সকলৰ নাম বাদ পৰিছে দাবী আৰু অভিযোগ প্ৰক্ৰিয়াৰ সময়ত আমি তেওঁলোকক সম্পূৰ্ণ সহায়তা আগবঢ়াম।’’
ৰাজ্যৰ ভূতপূৰ্ব চৰকাৰক সমালোচনা কৰি আজমলে কৈছ, ‘‘ৰাজ্যখনত কংগ্ৰেছ চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়টো গভীৰভাৱে লোৱা নাছিল। ৰাজ্যখনৰ সংখ্যালঘু জনসাধাৰণৰ সৈতে কংগ্ৰেছে ভোটবেংকৰ ৰাজনীতি কৰিছিল।’’
আজমলে আৰু কয়, ‘‘ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ ক্ষেত্ৰত ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বৃহত্তৰ স্বাৰ্থৰ হ’কে বিজেপি চৰকাৰেও কোনো ইতিবাচক পদক্ষেপ গ্ৰহণকৰা নাই।