এনআৰচিৰ ওপৰত শেনচকু ৰাষ্ট্ৰসংঘৰ : ধৰ্মীয় সংখ্যালঘূ সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান

un11

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  অন্তিমটো খছৰাৰ কাম দ্ৰুত গতিত চলি থকাৰ মাজতেই ৰাষ্ট্ৰসংঘত উত্থাপিত হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  প্ৰসংগ। শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  পৰা এক বৃহৎসংখ্যক সংখ্যালঘু মুছলমানৰ নাম বাদ পৰাৰ আশংকাত সমগ্ৰ বিষয়টোক লৈ ভাৰত চৰকাৰৰ পৰা সবিশেষ তথ্য বিচাৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ কাৰ্যপ্ৰণালী গোটে।ৰাষ্ট্ৰসংঘৰ সংখ্যালঘূ পৰিক্ৰমা বিশেষ বিশেষ দূত চাৰিগৰাকীয়ে স্বাক্ষৰ কৰি  যোৱা ১১ জুনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজলৈ এখন পত্ৰ প্ৰেৰণ কৰি এন আৰ চি সম্পৰ্কে ভাৰত চৰকাৰৰ স্থিতি  কেনেকুৱা পৰ্যায়ত আছে তাক জানিব বিচাৰিছে।

পত্ৰ লাভ কৰাৰ ৬০ দিনৰ ভিতৰত ভাৰত চৰকাৰৰ পৰা উত্তৰ বিচৰা ৰাষ্ট্ৰসংঘই ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ শংকা প্ৰকাশ কৰিছে যে এন আৰ চিৰ পৰা বাদ পৰাসকলক কি কৰা হ’ব তাক লৈ কোনো ধৰণৰ চৰকাৰী নীতি এই পৰ্যন্ত ভাৰতে গ্ৰহণ কৰা নাই।

অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে যোৱা ২০১৭ চনৰ ডিচেম্বৰ মাহত এইবুলি মন্তব্য কৰিছিল যে অসমত বসবাস কৰি থকা অবৈধ বাংলাদেশীসকলক চিনাক্ত কৰাৰ বাবেহে এন আৰ চি প্ৰস্তুত কৰা হৈছে আৰু যিসকল লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহয়, তেওঁলোকক বহিষ্কাৰ কৰা হ’ব।

এনেধৰণৰ চৰ্চাই সম্প্ৰতি অসমৰ বাঙালী মুছলমান সংখ্যালঘু লোকসকলৰ মাজত ভয়-শংকাৰ সৃষ্টি কৰিছে। মূলতঃ অসমত বসবাস কৰি থকাৰ পাছতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  নাম নথকাৰ বাবে বিদেশী বুলি চিহ্নিত হোৱাৰ আশংকাতে এনেদৰে সংখ্যালঘু মুছলমানসকলৰ মাজত আতংক বৃদ্ধি পাইছে। এই প্ৰসংগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীৰ সীমান্ত শাখাক ঘোষিত বিদেশীৰ আত্মীয়ৰ নামো বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ গোটে কয় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে দুটাকৈ নিৰ্দেশনাৰে  ঘোষিত বিদেশীসকলৰ পৰিয়ালৰ নাম বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰাৰ লগতে তেনে পৰিয়ালৰ নাম স্বয়ংক্ৰিয়ভাৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  পৰা বাদ পৰিব বুলি নিৰ্দেশনা দিছিল।

এনে নিৰ্দেশনাৰ পাছত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  পৰা ২০লাখ লোকৰ নাম কৰ্তন হোৱাৰো অভিযোগ উত্থাপন হৈছে। এই প্ৰসংগতে বিদেশী ন্যায়াধিকৰণৰ ভূমিকা সন্দৰ্ভতো তথ্য উল্লেখ কৰি পত্ৰখনত কোৱা হৈছে যে ১৯৮৫ চনৰ পৰা ২০১৬ চনলৈ ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰা ৪৬৮৯৩৪গৰাকী সন্দেহযুক্ত বিদেশীৰ ভিতৰত ন্যায়াধিকৰণে মাথোঁ ৮০১৯৪গৰাকীকহে বিদেশী বুলি ঘোষণা কৰিছে। এই সংখ্যা ২০১৭চনত আৰু অধিক বৃদ্ধি পাইছে।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ কাৰ্যপ্ৰণালী গোটৰ হৈ ফাৰ্ণাণ্ড ডি  ভাৰিনে ( Fernand de Varennes), ই টেনডায়ি আচিউম E Tendayi Achiume), ডাইড কায়ে(Daid Kaye) আৰু আহমেদ শ্বাহীদে স্বাক্ষৰ পৰা পত্ৰখনত এই বুলিও উল্লেখ কৰা হৈছে যে বিদেশী ন্যায়াধিকৰণে মূলতঃ বাঙালী মুছলমানসকলক লক্ষ্য কৰি লোৱাৰ ফলত তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণৰ বাবে দিয়া নিৰ্দেশনাৰ ফলত ক্ষতিগ্ৰস্ত হৈ আহিছে।

ইফালে, এই পত্ৰখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  উপৰিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগও উত্থাপন কৰি কাৰ্যপ্ৰণালী গোটে এই বুলি কৈছে যে ভাৰত চৰকাৰে বিধেয়কখনত হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছি আৰু খ্ৰীষ্টিয়ানসকলক নাগৰিকত্ব দিয়াৰ পোষকতা কৰিছে যদিও বাঙালী মুছলমান তথা অন্যান্য ধৰ্মীয়  সংখ্যালঘুসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰা হ’ল।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত  মুছলমান  সংখ্যালঘূৰ প্ৰতি বৈষম্যৰ সম্ভাৱনাক লৈ ৰাষ্ট্ৰসংঘ উদ্বিগ্ন হৈ পৰা কথা উনুকিয়াই এইক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰা মানৱ অধিকাৰ পৰিষদৰ তৰফৰ পৰা কেতবোৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰ বিচাৰিছে। ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী  সম্পৰ্কে যিসমূহ শংকা প্ৰকাশ কৰা হৈছে সেই বিষয়ে ভাৰত চৰকাৰক মতামত জনাবলৈ কোৱাৰ উপৰি এই কথাও কোৱা হৈছে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  ফলত যাতে ৰাষ্ট্ৰহাৰা লোক অথবা মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ সৃষ্টি নহয় সেই কথা ভাৰত চৰকাৰে নিশ্চিত কৰিব লাগে।