এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে সম্পূৰ্ণ সাজু ডিমা হাচাও প্ৰশাসন

ডিমা হাচাও

মাজত মাথোঁ দুটা দিন বাকী। তাৰ পাছতেই বহু প্ৰতীক্ষিত ৰাষ্ট্রীয় নাগৰিকপঞ্জী বা এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পাব। ইতিমধ্যে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ডিমা হাচাও জিলা প্ৰশাসনো সামগ্ৰিকভাৱে ইয়াৰ বাবে প্ৰস্তুত হৈ পৰিছে।

শুকুৰবাৰে ডিমা হাচাও জিলাৰ এনআৰচিৰ জিলা সমন্বয়ক অতিৰিক্ত জিলা উপায়ুক্ত দীপক জিদুঙৰ লগত হোৱা বাৰ্তালপত তেওঁ জানিবলৈ দিয়ে যে অহা ৩০ জুলাই সোমবাৰে ডিমা হাচাও জিলাৰ ২৮ টা এনআৰচি সেৱা কেন্দ্ৰৰ লগতে জিলাৰ প্ৰায় ছ’শৰো অধিক গাঁৱৰ গাওঁবুঢ়াৰ হাতত এনআৰচিৰ খচৰা তালিকা উপলব্ধ হ’ব। ৰাতিপুৱা দহ বজাত ৰাইজে খচৰা তালিকা নিজৰ নাম প্ৰত্যক্ষ কৰিব পাৰিব।

উল্লেখ্য যে পাৰ্বত্য জিলাত এনআৰচিৰ কাৰণে আবেদনকাৰী নাগৰিকৰ সংখ্যা ২,০৮,০০০গৰাকী। প্ৰথমখন খচৰাত ১,৬৯,৬৮০ গৰাকী নাগৰিকৰ নাম অন্তৰ্ভূক্ত হৈছে। অৰ্থাৎ ৮১.৫৮ শতাংশৰ নাম প্ৰকাশ পোৱাৰ বিপৰীতে ১৮.৪২ শতাংশৰ নাম প্ৰকাশ পাবলৈ বাকী আছে।

অৱশ্যে প্ৰশাসনৰ ফালৰ পৰা চৰকাৰীভাৱে ডিমা হাচাও জিলাত কিমান শতাংশ নাগৰিকৰ নাম অন্তৰ্ভূক্ত হ’ব বা কিমান বাদ পৰিব তেনে কোনো তথ্য প্ৰকাশ কৰিব বিচৰা নাই। অতিৰিক্ত উপায়ুক্ত জিদুঙে কয়, ‘আমাৰ যি কৰণীয় আছিল সেয়া কৰি দিছো, এতিয়া ৩০ জুলাইত ইয়াৰ ফল প্ৰকাশ পাব।‘

আনহাতে, প্ৰশাসনৰ আন বিশ্বস্ত সুত্ৰৰ মতে ডিমা হাচাও জিলাত  ডি ভোটাৰ বা বিদেশী ন্যায়াধিকৰণত তেনে গোচৰ নাই। আনহাতে অবৈধ অনুপ্ৰবেশকাৰীৰ সংখ্যাও নগণ্য। এনে ক্ষেত্ৰত ডিমা হাচাওত নাম বাদ পৰা ব্যক্তিৰ সংখ্যা ৰাজ্যৰ ভিতৰতে আটাইতকৈ কম হ’ব।

নিৰাপত্তা ব্যৱস্থাক লৈ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) প্ৰশান্ত দত্তই নৰ্থইষ্ট নাওক জানিবলৈ দিয়ে যে ডিমা হাচাও আৰক্ষী এনআৰচিৰ খচৰা প্ৰকাশৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ সম্পূৰ্ণ ভাবে সাজু। যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে প্ৰতিটো সেৱা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব। তদুপৰি, ডিমা হাচাওৰ কাৰণে অতিৰিক্ত নিৰাপত্তা বাহিনী আহি পাইছে আৰু আহি আছে।

তেওঁ লগতে জানিবলৈ দিয়ে যে ইন্দো-তিব্বতীয়ান বৰ্ডাৰ পুলিচ (আইটিবিপি)ৰ এক কোম্পানী আহি পাইছে আৰু আৰপিএফৰ এক কোম্পানী শনিবাৰে আহি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে চিআৰপিএফ আৰু আছাম ৰাইফলছো আছে।