এনচিপিৰ নিৰ্বাচনী ইস্তাহাৰত স্থান পাইছে অসমৰ সৈতে মেঘালয়ৰ সীমা বিবাদে

ncp-meghalaya-570x320

মেঘালয়ত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি (এনচিপি)য়ে আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মুকলি কৰা নিৰ্বাচনী ইস্তাহাৰত অসমৰ সৈতে বিবদমান দীৰ্ঘদিনীয়া আন্ত:ৰাজ্যিক সীমা সমস্যাৰ অন্ত পেলোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচিৰিছে।

দলটোৱে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰত লগতে মেঘালয়ত ইউৰেনিয়াম খননক উৎসাহিত নকৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে।

দহ পেজীয়া নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰে দলৰ কাৰ্যকৰী সভাপতি বিজয় ৰাজে। তেওঁ কয় যে দলে এক ৰাজ্যিক খনন নীতি আৰু ৰাজ্যখনত এখন দুৰ্নীতি নিবাৰক আয়োগ গঠনৰ বাবে আগ্ৰহী।

এনচিপিয়ে লগতে সীমান্ত অঞ্চলত অনুপ্ৰৱেশ বন্ধ কৰাৰ প্ৰয়োজনীয়তা সীমান্ত ৰাজ্যৰ বেদখল বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দলে এই কাম সীমান্ত অঞ্চলত বাস কৰা লোকসকলক সম্পূৰ্ণ সুবিধা প্ৰদান কৰি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়। সীমান্ত অঞ্চলৰ বাসিন্দাসকলক তেওঁলোকৰ ভূমি বিনামূলীয়াকৈ পঞ্জীয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে যিসমূহ অঞ্চলত সীমান্ত বিবাদ আছে তাত আৰক্ষী থানা স্থাপন কৰিব বুলি উল্লেখ কৰিছে।

সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত বিজয় ৰাজে কয় যে দলে বিকাশৰ জৰিয়তে সীমান্ত অঞ্চল শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে দায়বদ্ধ যাতে সীমান্তৰ দাঁতিত বাস কৰা লোকসকল অৰ্থনৈতিকভাৱে সবল হৈ উঠে।

দলে লগতে মেঘালয়ৰ পৰা প্ৰতিবছৰে দুজন ছাত্ৰক ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া হোৱাটো নিশ্চিত কৰিব বুলি কয়।

এনচিপিয়ে মাজিথিয়া দৰমহা আয়োগৰ পৰামৰ্শাৱলীৰ বিষয়টো তুলি ধৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু ৰাজ্যখনৰ সাংবাদিকসকলৰ বৃহত্তৰ স্বাৰ্থত মেঘালয়ত ইয়াৰ ৰূপায়ন নিশ্চিত কৰিব বুলি জানিবলৈ দিছে।

এনচিপিয়ে অৱশ্যে আন্ত:ৰাজ্যিক পাৰপত্ৰৰ বিষয়টো পৰিহাৰ কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে দলে ৰাজ্যখনৰ জনসাধাৰণক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তুলিবলৈ পৰ্যায়ক্ৰমে পৰ্যটনৰ উন্নয়ন সাধিব বিচাৰিছে।