এন আৰ এলৰ ষ্টাৰ্টআপ ফাণ্ডিঙৰ দ্বিতীয় সংস্কৰণৰ অধীনত পুঁজি লাভ কৰিব বিচৰা উদ্যোগীৰ পৰা প্ৰকল্প আহ্বান

NRL

অসমৰ অন্যতম ঔদ্যোগিক প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰ লিমিটেডে যোৱা বছৰ আৰম্ভ কৰা ষ্টাৰ্ট আপ ফাণ্ডিং নামৰ আঁচনিখনৰ অধীনত অঞ্চলটোৰ উদ্ভাৱনী শক্তি থকা যুৱক-যুৱতীক উৎসাহিত কৰাৰ লক্ষ্যৰে নিৰ্বাচিত কিছু সংখ্যকক তেওঁলোকৰ প্ৰকল্পৰ বাবে পুঁজিৰ যোগান ধৰাৰ বাবে আগ বাঢ়িছে। তাৰ বাবে ইচ্ছুকসকলৰ পৰা প্ৰকল্প প্ৰস্তাৱ আহ্বান কৰিছে।

উল্লেখযোগ্য যে যোৱা বছৰ আৰম্ভ কৰা এই আঁচনিখনৰ নাম হ’ল আইডিয়াশ্যন। এইবাৰৰ দ্বিতীয় সংস্কৰণটো হ’ল ‘আইডিয়াশ্যন-২০১৮’।

দ্বিতীয় সংস্কৰণটো এই বছৰ ফেব্ৰুৱাৰি মাহত আৰম্ভ কৰা হৈছে আৰু কৰ্তৃপক্ষই আগৰ বাৰতকৈ অধিক সঁহাৰি আশা কৰিছে। এই আঁচনিখন পৰিচালনা কৰা কৰ্তৃপক্ষৰ সূত্ৰই কয় যে যোৱা বছৰ তেওঁলোকৰ হাতলৈ অহা মুঠ ৩৬২টা ষ্টাৰ্ট আপ প্ৰস্তাৱৰ ভিতৰত মাত্ৰ চাৰিটাহে বাছনিযোগ্য আছিল।

যোৱা বাৰ বাছনিত উঠা ষ্টাৰ্ট আপ প্ৰকল্পকেইটা আছিল ক্ৰমে অনলাইন ‘পাৰ্কিং ৰাইনো’, মাল্টি ব্ৰেণ্ড কাৰ ছাৰ্ভিচিং ‘অটোমোভিল’, কম খচৰত বাঁহ আৰু মেটেকাৰপৰা বান প্ৰতিৰোধী বেৰ নিৰ্মাণ কোম্পানী ‘আৰোহণ এগ্ৰি ছায়েন্স’ আৰু চাহপাত  শুকুওৱাত ব্যৱহৃত ‘ডেৰ’ই টী’ ।

এন আৰ এলৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই মঙলবাৰে এখন সংবাদমেলত কয় যে এই ষ্টাৰ্ট আপ আঁচনিখনৰ বাবে ১০ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে। প্ৰস্তাৱৰ ওপৰত নিৰ্ভৰ কৰি পুঁজিৰ পৰিমাণ বৃদ্ধি কৰা হ’ব পাৰে।

“প্ৰস্তাৱবোৰ অৰ্থৱহ, উদ্ভাৱনীমূলক আৰু সমাজক উপকৃত কৰিব পৰা হ’ব লাগে। কাৰিকৰী, যোগাযোগ, পৰীক্ষাগাৰ, বজাৰৰ সুবিধা এন আৰ এলে কৰি দিব। আমি মাত্ৰ উন্নত মানবিশিষ্ট প্ৰস্তাৱ বিচাৰিছো।” বৰুৱাই কয়।

ইচ্ছুক উদ্যোগীসকলে ষ্টাৰ্ট আপ প্ৰস্তাৱসমূহ www.ideation.co.in ৱেবছাইটত গৈ ৩০ এপ্ৰিলৰ ভিতৰত জমা দিব পাৰিব। ইয়াৰ বাছনি প্ৰক্ৰিয়া জুন-জুলাই মাহত আৰম্ভ হ’ব।