এন আৰ চিক ঝেমেলা বুলি ভবাসকল ক’ত? সোমোৱা ২.৯০ কোটিতো নাই, বাদপৰা ৪০ লাখতো নাই এওঁলোক

NRC: Assam Jamiat, AAMSU demands punishment for 'false objection' petitioners

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ছবি।

কথাটো আচৰিত যেন লাগিলেও সঁচা। এন আৰ চিৰ পৰা নাম বাদ পৰাৰ শংকাত ৰাজ্যৰ সকলো প্ৰান্তৰ লোক উৎকণ্ঠিত হৈ থাকিলেও, বাদ পৰাসকলৰ ভৱিষ্যতক লৈ দেশ তোলপাৰ লাগিলেও কিছুমান মানুহ ইচ্ছা কৰিয়ে এই প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিল বা আছে। এওঁলোকৰ কোনো দৌৰাদৌৰি নাই দেশৰ নাগৰিক হোৱাৰ প্ৰক্ৰিয়াত ভাগ লোৱাৰ বাবে। এওঁলোক এন আৰ চিত সোমোৱা ২.৯০ কোটিতো নাই, বাদ পৰা ৪০ লাখতো নাই। কিন্তু এওঁলোকৰ সংখ্যাও নিশ্চয় কম নহ’ব।

৩০ জুলাইৰ এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা মুঠ ৪০,০৭,৭০৭ আৱেদনকাৰী বাদ পৰিছে বুলি ইতিপূৰ্বে আমি গম পালো। কিন্তু এইসকল হ’ল ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমত থকা বা সেইসকলৰ বংশধৰ বুলি নথি-পত্ৰ দি আৱেদন কৰা লোক। কিন্তু ১৯৭১-ৰ ২৪ মাৰ্চৰ মাজনিশাৰ পিছৰ পৰা ২০১৮ চনৰ ৩০ জুলাইলৈকে, এই ৪৭ বছৰ ৪ মাহ ৭ দিনত অসমত প্ৰৱেশ কৰাসকলৰ সংখ্যাটো কি কম হ’ব নেকি (তেওঁলোক হিন্দু-মুচলমান যিয়েই নহওক)?

কিন্তু এইসকলৰ হিচাপ পোৱা যাব কেনেকৈ? এন আৰ চিৰ মূল উদ্দেশ্য আছিল এইসকলৰ বোজাৰ পৰা অসমক সকাহ দিয়াহে।

কিন্তু তেওঁলোকেতো আৱেদনেই কৰা নাই। দুই একে আৱেদন কৰিব পাৰে যদিও সৰহ সংখ্যকেই আৱেদন কৰা নাই বুলি এইবাবেই ধৰিব পাৰি যে তেওঁলোকে আৱেদন কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা সম্পৰ্কে সচেতন নোহোৱাকৈ থকা নাই। অৰ্থাৎ মিছা নথি-পত্ৰেৰে আৱেদন কৰি বিপদত পৰাৰ সম্ভাৱনা বঢ়াই লোৱাতকৈ নকৰাই ভাল বুলি আঁতৰি থকাৰহে অধিক সম্ভাৱনা আছে।

গতিকে চূড়ান্ত খচৰাৰ পৰা বাদপৰা এই ৪০ লাখকে বিদেশী বুলি গণ্য কৰি জালত পৰিছে বুলি ভবাটো ‘ভুল অংক’ৰ উত্তৰক লৈ ফূৰ্তি কৰাৰ দৰে কথা হ’ব। এইখিনিৰ বেছিভাগেই থলুৱা লোক বা ৭১-ৰ পূৰ্বে অসমলৈ অহা লোক। এইসকলৰ বহুতৰ হাতত হয়তো উপযুক্ত নথি-পত্ৰ আছে (কিছু সংখ্যকৰ সংৰক্ষণ অনভ্যাসৰ বাবে নাথাকিব পাৰে) আৰু তেওঁলোকে পৰৱৰ্তী প্ৰক্ৰিয়াবোৰত সফল হ’ব বুলি ধৰি ল’ব পাৰি। শুনামতে বহু সংখ্যক জনগোষ্ঠীয় লোকো আছে বাদপৰা সকলৰ ভিতৰত। বিবাহিত মহিলা আছে (অগ্ৰহণযোগ্য নথি দিয়া), অন্য ৰাজ্যত চাকৰি কৰি থকা অসমীয়া মানুহ আছে।

কিন্তু আমাৰ ডাঙৰ প্ৰশ্ন হ’ল ইচ্ছা কৰিয়েই এই ফান্দত ভৰি নিদিয়া লোকসকলৰ হিচাপ কেনেকৈ উলিয়াব চৰকাৰে? এইসকল সক্ৰিয় ৰাজনীতি, ভোটদানৰ অধিকাৰ, চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব ঠিকেই, কিন্তু তেওঁলোক এই ভূখণ্ডৰ সকলো সম্পদৰ সমান ভাগিয়াৰ হৈয়ে নাথাকিবনে? ইয়াৰ উপৰি বিদেশী সমস্যাটো সমাধান হ’ল বুলি ধৰি দুদিনমান তাপ মাৰি থকা আন্দোলনকাৰী নেতা, ৰাজনীতিক, ৰাজনৈতিক বিশ্লেষক, বিতৰ্ক কৰোঁতা -সকলোৱে পুনৰ হৈ-চৈ কৰাৰ সুৰুঙা ৰৈ যোৱা নাইনে?

গতিকে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ পূৰ্বে সীমান্ত সম্পূৰ্ণ কটকটীয়াকৈ ছীল কৰা দৰকাৰ আছিল। তাৰ পিছত নিৰ্ধাৰিত সময়সীমা (৭১ চনৰ ২৪ মাৰ্চ) ধৰি নিদিয়াকৈ সৰ্বাধিক পুৰণি লিগেচি ডাটাৰে আৱেদন কৰিবলৈ দিয়া উচিত আছিল। সেই আৱেদনকাৰীৰ পৰা চৰকাৰে নিৰ্ধাৰিত সময়সীমা (৭১ চনৰ ২৪ মাৰ্চ)ৰ ভিতৰত থকাসকলক অসমৰ বৈধ বাসিন্দা বা অসমত থকা বৈধ ভাৰতীয় নাগৰিক ঘোষণা কৰিব লাগিছিল। তেতিয়া বাকীসকলক চিনাক্ত কৰাৰ কামটো সহজ হৈ পৰিল হেঁতেন।