এন আৰ চিক দোষ দি নাপাতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন

সিদ্ধাৰ্থ ভট্টাচাৰ্য

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ দৰেই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনো অনুষ্ঠিত কৰাত অনিশ্চয়তা স্পষ্ট হৈ পৰিছে। অহা ৩১ জুলাইত অন্ত পৰিব গুৱাহাটী পৌৰ নিগমৰ চলিত পৰিষদখনৰ কাৰ্যকাল। কিন্তু পৰবৰ্তী নিৰ্বাচনৰ বাবে এই পৰ্যন্ত সাজু হ’ব পৰা নাই চৰকাৰ তথা গুৱাহাটী পৌৰ নিগম উন্নয়ন বিভাগ। বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যতে প্ৰকাশ পাইছে এই কথা।

বুধবাৰে দিচপুৰৰ গড়কাপ্তানী বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত পৌৰ নিগমৰ বিজেপিৰ পাৰিষদ আৰু এৰিয়া সভাৰ সদস্যসকলৰ সৈতে অনুষ্ঠিত হোৱা সভাৰ অন্তত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, ‘৩১ জুলাইত বৰ্তমানৰ পৰিষদখনৰ কাৰ্যকালৰ অন্ত পৰিব কিন্তু সেই একেটা দিনতেই এন আৰ চিও প্ৰকাশ পোৱাৰ কথা আছে আৰু আমাৰ বিষয়াসকল এই ক্ষেত্ৰত জড়িত হৈ আছে। সেই কাৰণে আমাৰ কিছু স্থৱিৰতা আহি পৰিছে।‘

পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম যে হেঙাৰ হৈ পৰিছে সেয়া মন্ত্ৰী ভট্টাচাৰ্যৰ ভাষ্যত পোনপটীয়াকৈ প্ৰকাশ পাইছে।

উল্লেখ্য যে ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হোৱাৰ পাছৰে পৰা বিভিন্ন চৰকাৰী কাম-কাজত হোৱা স্থৱিৰতাৰ ক্ষেত্ৰত চৰকাৰখনে ইয়াৰ আচিলা লোৱা পৰিলক্ষিত হৈ আহিছে। ইয়াৰ উদাহৰণ এটাৰ পাছত আনটো প্ৰকাশ পাইছে।

চৰকাৰী বিদ্যালয়সমুহত পাঠদান নিয়মিতভাৱে নোহোৱা, বিভিন্ন কাৰ্যালয়ৰ কাম লেহেমীয়া হোৱা আদি সকলোতে চৰকাৰে আঙুলিয়াই দিয়ে এন আৰ চি প্ৰক্ৰিয়ালৈ।

ৰাজ্যৰ পঞ্চায়তসমুহৰ কাৰ্যকাল অন্ত পৰাৰ পাছতো এই পৰ্যন্ত অধিসূচনা জাৰি হোৱা নাই পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনৰ বাবে। ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈ থকা বুলি জানিবলৈ দিছে কিন্তু তাৰ বিপৰীতে এন আৰ চি উন্নীতকৰণৰ কামত চৰকাৰী কৰ্মচাৰীসকল নিয়োজিত হৈ থকাৰ বাবেই নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱৰ দোহাই দি সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰিলে চৰকাৰখনে।

একেদৰে, উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো একেই অসুবিধা প্ৰকাশ কৰিলে চৰকাৰখনে। যোৱা ৩ জুনতেই কাৰ্যকাল উকলি যোৱা স্বায়ত্ব শাসিত পৰিষদখনৰ বৰ্তমানলৈ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা বিষয়টোৰ ক্ষেত্ৰতো এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়ালৈ দায় ঠেলিলে চৰকাৰে।

এতিয়া পঞ্চায়তৰ দৰে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত কৰিবলগীয়া নিৰ্বাচনৰ কথাটো সুকীয়াই, চৰকাৰে কেৱল এন আৰ চি উন্নীতকৰণৰ কামৰ বাবেই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনো সময়মতে অনুষ্ঠিত কৰিব নোৱাৰা বিষয়টোৱেহে চিন্তনীয় হৈ পৰিছে।

ইপিনে, ৰাজ্য চৰকাৰে সকলে কথাতে এন আৰ চি প্ৰক্ৰিয়ালৈ দায় ঠেলাৰ বিপৰীতে বানপানীৰ দোহাই দি এন আৰ চি কৰ্তৃপক্ষই আকৌ পূৰ্বৰ ৩০ জুনৰ পৰিবৰ্তে ৩১ জুলাইলৈ পিছুৱালে এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ দিন।