এন আৰ চিক লৈ উদ্ভৱ হ’ব পৰা আইন-শৃংখলা জনিত সমস্যা মোকাবিলা কৰিবলৈ সাজু প্ৰশাসন

এন আৰ চি

অহা ৩০ জুনত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ প্ৰাক্‌মুহূৰ্তত নামনি অসমত বুধবাৰে  আইন-শৃংখলাজনিত বিষয়ৰ বাবে গঠিত ৰাজ্য চৰকাৰৰ উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ আগে-পিচে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে কমিটীখন বুধবাৰে বঙাইগাঁৱত মিলিত হয়।

আইন-শৃংখলাজনিত বিষয় সম্পৰ্কত গঠিত কমিটীখনে বঙাইগাঁও, চিৰাং, গোৱালপাৰা আৰু কোকৰাঝাৰৰ উপায়ুক্ত, আৰক্ষী বিষয়াসকলৰ লগত আলোচনা কৰে।

উল্লেখ্য যে বঙাইগাঁৱত বুধবাৰে অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মুখ্য সচিব টি ৱাই দাস, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰ, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য, আইন-শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা, বঙাইগাঁও, চিৰাং, গোৱালপাৰা আৰু কোকৰাঝাৰৰ উপায়ুক্ত, শীৰ্ষ বিষয়া, আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে।

বৈঠকত সেনা, অৰ্দ্ধ সামৰিক আৰু কেন্দ্ৰীয় চৰকাৰৰ সশস্ত্ৰ বাহিনীৰ বিষয়া আৰু চোৰাংচোৱাৰ বিষয়াসকলো উপস্থিত আছিল। যিবোৰ স্থানত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা আছে, সেই স্থানবোৰত অধিক নিৰাপত্তা বাহিনী এই মাহৰ ১৫ তাৰিখৰ পিছৰ পৰাই মোতায়েন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জিলাসমূহত লোকসকলে ছ’চিয়েল মিডিয়াত এন আৰ চিৰ প্ৰসংগত কেনেধৰণৰ মন্তব্য প্ৰকাশ কৰে সেয়াও নজৰত ৰখা হ’ব। আনহাতে, কোনোবাই এন আৰ চিৰ বিষয়ত উচটনিমূলক  মন্তব্য দিলে বা ৰাজহুৱাভাৱে অপপ্ৰচাৰ কৰিলে তেওঁক আটক কৰা হ’ব।

এন আৰ চিৰ খচৰাক লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় আৰু তেনে কোনো পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আগতে যাতে তাক প্ৰতিৰোধ কৰিব পৰা যায় তাৰ বাবে বুধবাৰৰ বৈঠকৰ জৰিয়তে প্ৰশাসন সাজু হৈছে।