NORTHEAST NOW (Assamese)

এন আৰ চিত অন্তৰ্ভুক্ত হ’ল বিদেশী নাগৰিকৰ নাম : এন আৰ চিৰ কাম-কাজত সন্দেহ প্ৰকাশ ৰাজ্যবাসীৰ

April 3, 2018 10:35 am · এন ই নাও নিউজ
Updated: April 3, 2018 10:59 am

যি সময়ত এন আৰ চিৰ প্ৰথম খচৰাত নিজৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে ৰাজ্যখনৰ বিভিন্ন ঠাইত বহু লোকে আত্মহত্যাৰ দৰে পথ বাচি লৈছে তেনে সময়তে এন আৰ চিত বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা লোকৰ নাম অন্তৰ্ভুক্ত হোৱা কথাই ৰাজ্যবাসীক আশ্চৰ্যাম্বিত কৰি তুলিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ ২০১১ চনৰ ২২ নৱেম্বৰতে বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা এজন ব্যক্তিৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ কথা পোহৰৈল আহিছে। এন আৰ চিত অন্তৰ্ভুক্ত হোৱা লোক জনৰ নাম আলী আহমেদ বুলি জানিব পৰা গৈছে।

এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱাৰ কথা আহমেদে নিজে অৱগত কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক। উচ্চ ন্যায়ালয়ৰ ওচৰত এন আৰ চিৰ খচৰাত নাম থকাৰ কথা তথ্য দি পুনৰ আৱেদন জনায়।

আনহাতে উচ্চ ন্যায়ালয়ত বিদেশী নাগৰিকজনে দাখিল কৰা তথ্য দেকি স্তম্ভিত হৈ পৰে উচ্চ ন্যায়ালয়। উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ লগতে এন আৰ চি কৰ্তৃপক্ষকো বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে এন আৰ চিত পূৰ্বে বিদেশী বুলি ঘোষণা কৰা ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হোৱা কথাই প্ৰমাণ কৰে ৰাজ্যখনত এন আৰ চিৰ কাম-কাজ কিমান সুচাৰুৰূপে হৈছে।

Related News