NORTHEAST NOW (Assamese)

এন আৰ চিত দাখিল কৰা কাছাৰৰ জন্ম তথা বিবাহৰ প্ৰমাণপত্ৰৰ সৰহভাগেই ভুৱাঃ উপায়ুক্ত

December 20, 2017 7:00 am · এন ই নাও নিউজ

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ পাবলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাতে কাছাৰ জিলাৰ উপায়ুক্ত এছ লক্ষ্মণে প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ তথ্য। উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে যে কাছাৰ জিলাত নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত নথি হিচাপে দাখিল হোৱা জন্ম আৰু বিবাহৰ প্ৰমাণ পত্ৰৰ অধিকাংশই ভুৱা।

উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে যে এনে ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা বিবেচনা কৰা হৈছে। অহা ২৫ ডিচেম্বৰৰ পিছত এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

উপায়ুক্ত গৰাকীয়ে কয় যে বৰ্তমান এন আৰ চিৰ পুনৰীক্ষণ প্ৰক্ৰিয়া চলি আছে আৰু এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে কিমান ভুৱা প্ৰমাণ পত্ৰ দাখিল হৈছে তাৰ প্ৰকৃত সংখ্যা পোৱা যাব।

যোৱা পহিলা ডিচেম্বৰৰ পৰা এন আৰ চিৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। জিলাখনত মুঠতে ৩.৭০ লাখ লোকৰ নথি পুনৰীক্ষণৰ কাম চলি আছে। বৰ্তমানলৈ ইয়াৰে ২ লাখ ৫৬ হাজাৰ নথিৰ পুনৰীক্ষণ প্ৰক্ৰিয়া সমাপ্ত হৈছে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়াত বহুতে ভুৱা নথি পত্ৰ সংলগ্ন কৰা বুলি উত্থাপিত হৈ অহা অভিযোগৰ মাজতে কাছাৰৰ উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰা এই বক্তব্যই বিষয়টোৰ গভীৰতা উদঙাই দিছে।

Related News