এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে আদালতক অৱমাননা কৰিছে : ৰঞ্জিত দাস

tarun-gogoi-PTI_0_0

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ : ফাইল ফটো

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ প্ৰসংগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে। এইদৰে মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে।

বৃহস্পতিবাৰে এই প্ৰসংগত দাসে সংবাদ মাধ্যমৰ আগত কয় যে যিহেতু উচ্চতৰ ন্যায়ালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে, গতিকে এই সন্দৰ্ভত কিবা ক’ব লগা থাকিলে আদালতত কোৱা উচিত। কিন্তু ইয়াৰ পৰিৱৰ্তে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এজনে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীকহে লিখিতভাৱে জনাইছে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস : ফাইল ফটো

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে যিহেতু বিষয়টো উচ্চতম ন্যায়ালয়ে প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰি আছে গতিকে প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰে। এজন দায়িত্বশীল ব্যক্তি হোৱা হ’লে তেওঁ নিশ্চয় উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলহেঁতেন। কিন্তু তাকে নকৰি হকে-বিহকে বিভিন্নজনলৈ পত্ৰ প্ৰেৰণ কৰি পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰিছে। পূৰ্বতেও কংগ্ৰেছে এনেদৰে পৰিৱেশ বিনষ্ট কৰি ক্ষমতা দখলৰ চেষ্টা কৰাৰ নজিৰ আছে।

উল্লেখ্য যে , ২০১৪ চনৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট হোৱা সকলো নাগৰিককে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দাবী জনাই আহিছে। আনকি কংগ্ৰেছ আৰু এ আই ইউ ডি এফেপ্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰও প্ৰেৰণ কৰিছে।

বিজেপিৰ বিধায়কৰ সহায়ত বিকল্প চৰকাৰ গঠনৰ জল্পনা-কল্পনা চলাই থকাৰ প্ৰসংগত ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে এনে এখন কাল্পনিক চৰকাৰৰ সপোন দেখাটো নাভূত-নাশ্ৰুত কথা। বুধবাৰে তিনিচুকীয়াৰ সভাত বিজেপিৰ প্ৰায়বোৰ বিধায়কেই উপস্থিত আছিল। সকলোৱে পোনচাটেই এনে সম্ভাৱনা নাকচ কৰিছে। গতিকে এনে এটা অবাস্তৱ বিষয় লৈ অযথা সময় নষ্ট কৰাটো অনুচিত।