NORTHEAST NOW (Assamese)

এন আৰ চিত নাম নহা মুছলমান বাংলাদেশীক সেনা লগাই খেদাৰ আহ্বান টোগাড়িয়াৰ

July 18, 2018 11:27 pm · অনিৰ্বাণ পাঠক
Updated: July 18, 2018 11:31 pm

এন আৰ চি আৰু নাগৰিকত্ব বিধেয়কক লৈ অসম উত্তপ্ত হৈ থকাৰ মাজতে এন আৰ চিত নাম নহা মুছলমান বাংলাদেশীক সেনা লগাই খেদাৰ পৰামৰ্শ আগবঢ়াইছে উগ্ৰ হিন্দুত্ববাদী নেতা প্ৰবীনভাই টোগাড়িয়াই।

হিন্দু বাংলাদেশীৰ দায়িত্ব তেওঁ ল’ব বুলি ঘোষণা কৰি ভাৰতৰ পৰা বহিষ্কাৰ কৰা মুছলমান বাংলাদেশীক গ্ৰহণ নকৰিলে বাংলাদেশলৈ ভাৰতীয় সেনা পঠাই আক্ৰমণৰো পোষকতা কৰে টোগাড়িয়াই।

‘যদি তেওঁলোকক বাংলাদেশে গ্ৰহণ নকৰে, তেতিয়া ভাৰতৰ সেনাই বাংলাদেশৰ এটা অংশ দখল কৰি লৈ বাংলাদেশীসকলক তাত ৰখাৰ ব্যৱস্থা কৰক,’ পৰামৰ্শ উগ্ৰ হিন্দুত্ববাদী নেতাজনৰ।

এন আৰ চিক লৈ ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ সময়তে কেন্দ্ৰীয় গৃ্হ বিভাগৰ তথ্য মতে এন আৰ চিৰ পৰা ৫০ লাখ বাংলাদেশী মুছলমানৰ নাম বাদ পৰিব বুলিও টোগাৰিয়াই মন্তব্য কৰে।

Related News