এন আৰ চিত সন্দেহজনক লোকৰ নাম : অন্য লোকেও দিব পাৰিব অভিযোগ

এন আৰ চি

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ আৰু মাত্র মাজত দুদিন বাকী আছে। অহা ৩০ জুলাইত খচৰা প্রকাশ হোৱাৰ পাছত এন আৰ চিত সকলোৱে নিজৰ নিজৰ নামসমূহ আছে নে নাই সেই কথা জানিবলৈ এন আৰ চি কর্তৃপক্ষই গ্ৰহণ কৰা ব্যৱস্থাসমূহ ইতিমধ্যে ৰাজহুৱাকৈ প্ৰকাশ কৰা হৈছে।

সৰ্বমুঠ ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত  যিসকলৰ নাম এন আৰ চিত আহে তেওঁলোকৰ ভিতৰত কোনো লোকৰ ওপৰত সন্দেহ হ’লে আন লোকেও অভিযোগ দিব পাৰিব বুলি এন আৰ চি কর্তৃপক্ষই সদৰী কৰিছে।

১৯৭১ চনৰ ২৪ মার্চৰ মাজনিশা পর্যন্ত অসমত থকা ভাৰতীয় লোকৰ নাম সন্নিৱিষ্ট কৰি এখন শুদ্ধ এন আৰ চি প্রস্তুতৰ কৰা এন আৰ চি কর্তৃপক্ষই অভিযোগ দাখিলৰ ব্যৱস্থা ৰাখি ৰাইজকো এই ক্ষেত্ৰত জড়িত কৰিছে। এন আৰ চি কর্তৃপক্ষই প্রস্তুত কৰি উলিওৱা অভিযোগ দাখিলৰ প্ৰ-পত্ৰ অনুসৰি চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত কোনো লোকৰ বিৰুদ্ধে অন্য ব্যক্তিয়েও এন আৰ চি সেৱা কেন্দ্ৰত অভিযোগ দাখিল কৰিব পাৰিব।

এন আৰ চি কৰ্তৃপক্ষৰ অলক্ষিতে কোনো সন্দেহজনক ডি ভোটাৰ, বিদেশী ন্যায়াধীকৰণত বিচাৰাধীন, বিদেশী ঘোষিত ডি ভোটাৰৰ বংশানুক্ৰমিক কোনো লোকৰ নাম খচৰাত অন্তৰ্ভুক্ত হয় তেতিয়াহ’লে তেওঁলোকৰ বিৰুদ্ধে আন লোকেও প্ৰ-পত্ৰ যোগে আপত্তি দাখিল কৰিব পাৰিব।

১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশা পৰ্যন্ত সামৰি এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাৰ বাবে ৰাইজৰ সহযোগ বিচাৰি এন আৰ চি কৰ্তৃপক্ষই এই ব্যৱস্থা ৰাখিছে। এন আৰ চিৰ বাবে দাখিল কৰা আবেদনত থকা লিগেচীৰ বাবে তালিকা ‘এ’ ত থকা তথ্য সঠিক নহ’লে, লিগেচী ডাটাৰ লগত বংশানুক্ৰমিক সম্পৰ্ক নাথাকিলে বা লিগেচী দাখিল কৰা লোকজনৰ লগত যোগসূত্ৰ স্থাপন কৰিবলৈ দাখিল কৰা তালিকা ‘বি’ত দাখিল কৰা তথ্য সঠিক নহ’লে কোনো ব্যক্তিয়ে অভিযোগ দাখিল কৰিব পাৰিব।

আনহাতে, প্ৰকাশ পোৱা  সম্পূর্ণ খচৰাত যিসকলৰ নাম সন্নিৱিষ্ট নহ’য় তেওঁলোকে পুনৰ আৱেদন জনাবলৈকো প্ৰ-পত্ৰ প্ৰস্তুত কৰিছে এন আৰ চি কৰ্তৃপক্ষই। প্ৰ-পত্ৰৰ লগত দাখিল কৰিবলগীয়া ১৪ বিধ নথিৰ তালিকাও অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ ভিতৰত আছে (১) ১৯৫১ চনৰ এন আৰ চি, (২) ১৯৭১ চনৰ আগৰ ভোটাৰ তালিকাত নাম, (৩)নাগৰিকত্বৰ প্ৰমান-পত্ৰ, (৪) মাটি থকাৰ নথি, (৫) পাছপ’ৰ্ট, (৬) শৰণাৰ্থী পঞ্জীয়নৰ প্ৰমান পত্ৰ, (৭) স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ, (৮) চৰকাৰৰ অনুজ্ঞাপত্ৰ, (৯) এল আই চি প্ৰমান পত্ৰ, (১০) বেংক, ডাকঘৰৰ একাউন্ট বহী, (১১) চৰকাৰী চাকৰি কৰাৰ প্ৰমান পত্ৰ, (১২) বিশ্ববিদ্যালয়ৰ শিক্ষাৰ প্ৰমান পত্ৰ, (১৩) আদালতত নথিভুক্ত কোনো নথিৰ লগতে সমৰ্থিত নথি হিচাপে গণ্য হ’ব ৰেশ্যন কাৰ্ড।

উল্লেখযোগ্য যে উক্ত সকলো নথি হ’ব লাগিব ১৯৭১ চনৰ ২৪ মার্চৰ আগৰ।