NORTHEAST NOW (Assamese)

এন আৰ চিৰ কাম লেহেমীয়া কৰাৰ বাবে বানপানী এটা অজুহাত : ৰিপুন বৰা

June 19, 2018 8:04 pm · অণিৰ্বান পাঠক

ৰাজ্যৰ কেবাখনো জিলা বানৰ কৱলত পৰাৰ বাবে অহা ৩০ জুনত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ ক্ষেত্ৰত এন আৰ চিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাই অনিশ্চয়তা প্ৰকাশ কৰাৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এন আৰ চিৰ কাম লেহেমীয়া কৰাৰ বাবে বানপানী কেৱল এক অজুহাত।

মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত ৰিপুন বৰাই এই মন্তব্য কৰে। তেওঁ লগতে কয়, ‘উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টো যিমান গুৰুত্বসহকাৰে লৈছে অসমৰ এন আৰ চি কৰ্তৃপক্ষই বিষয়টো সিমান গুৰুত্বসহকাৰে লোৱা নাই।’

ৰাজ্যত বানপানী হোৱাৰ সুযোগ গ্ৰহণ কৰি এন আৰ চি কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় নাগৰিপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া দিন পিছুৱাই নিব বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে।

আনহাতে, বৰাকৰ কাচাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ বহুকেইটা এন আৰ চি সেৱা কেন্দ্ৰ বানত ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰতীক হাজেলাই প্ৰকাশ কৰা তথ্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰিপুন বৰাই ইয়াৰ বাবে এন আৰ চি কৰ্তৃপক্ষ আৰু অসম চৰকাৰক জগৰীয়া কৰে। তেওঁ কয়, ‘যিহেতু বাৰিষাকাল ওচৰ চাপি আহিছে গতিকে বানপানীৰ কৱলত পৰিব পৰা ঠাইত থকা এন আৰ চি সেৱাকেন্দ্ৰসমুহ চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষই স্থানান্তৰ কৰাৰ ব্যৱস্থা নল’লে কিয়?’

তদুপৰি এই কেন্দ্ৰসমূহত থকা গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ ক্ষতিসাধন হ’লে বা হেৰালে নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত ব্যাঘাট জন্মিব বুলিব বুলি কৈ তেওঁ এই ক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষ আৰু চৰকাৰৰ অমনোযোগিতাক সমালোচনা কৰে।

Related News