এন আৰ চিৰ কৰ্মচাৰী নিয়োজিত হ’ব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনত : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

এন আৰ চি

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ কাম-কাজত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক পঞ্চায়ত নিৰ্বাচনত জড়িত কৰিব নোৱাৰিব বুলি দেশৰ উচ্চতম ন্যায়ালয়ে এন আৰ চি কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ দিছে।

উল্লেখগোগ্য যে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা সোমবাৰে আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰক অৱগত কৰিছে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক  প্ৰতীক হাজেলাই। সোমবাৰে দিচপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনা অৱগত কৰায়।

জানিব পৰা মতে মুখ্য সচিব টি ৱাই দাস, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান মুকেশ সহায়ো উপস্থিত থকা এই বৈঠকত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে এন আৰ চিৰ শেহতীয়া অগ্ৰগতিৰ বিষয়েও মুখ্যমন্ত্ৰীক অৱগত কৰে।

আনহাতে এই বৈঠকতে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰা হয়। এই আলোচনাকালতে প্ৰতীক হাজেলাই এন আৰ চিৰ কাম-কাজত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক নিৰ্বাচনী কামত জড়িত নকৰিবলৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ কথা উল্লেখ কৰে।

ইফালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন অসমবাসীৰ বাবে আই এম ডি টিতকৈয়ো ভয়াৱহ হ’ব বুলি আৰ এছ এছৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰপ্ৰমুখ শংকৰ দাসে দেওবাৰে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এন আৰ চিৰ  ৰাজ্যিক সমন্বয়কগৰাকীয়ে এন আৰ চি সম্পৰ্কত কিবা ক’বলগীয়া থাকিলে সেয়া ৰাজহুৱা মঞ্চত নকৈ উচ্চতম ন্যায়ালয়ৰ মজিয়াত  ক’বলৈ কয়।

কাৰণ প্ৰতীক হাজেলাৰ মতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাৱধানত চলি আছে গতিকে এই ক্ষেত্ৰত সকলো দিশ উচ্চতম ন্যায়ালয়েহে চোৱা-চিতা কৰিব।