এন আৰ চিৰ খচৰাৰ তথ্য চোৱা ৱেবছাইটৰ বিসংগতি

NRC ৰ তথ্য পাব লগীয়া চাৰিটা ৱেবছাইটৰ অৱস্থা।

বহু চৰ্চিত তথা ৰাজ্যজুৰি এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰা এন আৰ চিৰ প্ৰথমখন খচৰা উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশমতেই অহা ৩১ ডিচেম্বৰৰ মাজৰাতি প্ৰকাশ পালে। এই সম্পৰ্কে অসমৰ ৰাইজক জনাই আজি যোৱানিশা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এক সংবাদমেল সম্বোধন কৰিছিল। এন আৰ চিৰ খচৰাত বিভিন্নজনে নিজৰ নাম বিচাৰিবলৈ কি কি উপায় থাকিব সেই সম্পৰ্কে এন আৰ চি কৰ্তৃপক্ষই আগতীয়াকৈ  প্ৰকাশ কৰিছে। চাৰিটাকৈ ৱেবছাইট, এছ এম এছ সেৱা, আৰু প্ৰতিদিনে চৌব্বিচ ঘণ্টাই উপলব্ধ টেলিফোন সেৱাৰ নম্বৰ প্ৰকাশ কৰি ৰাইজক বহুকেইটা বিকল্প দিছে। গতিকে সকলোৱে আশা কৰিছে যে এটা যথাসম্ভৱ নিখুঁত প্ৰক্ৰিয়া আৰু প্ৰযুক্তিৰ সহায়ত এন আৰ চিৰ খচৰাত নিজৰ নিজৰ নামটো সহজেই বিচাৰি ল’ব পাৰিব।

কিন্তু দেখা গৈছে যে এন আৰ চি কৰ্তৃপক্ষই ৰাইজৰ বাবে দিয়া ৱেবছাইটকেইটাৰ প্ৰায়কেইটাই খোল খোৱা নাই। অতি বেছিকৈ য়ুজাৰ হোৱা বাবে হয়তো এনে হৈছে। কিন্তু ইয়াৰ বাবে চৰকাৰ আগতীয়াকৈ সাজু নথকাটো এক দায়িত্বহীনতাৰ নিদৰ্শন বুলি সচেতন লোকে মন্তব্য কৰিছে। আনহাতে https://assam.mygov.in/ নামৰ ৱেবছাইটটো (যিটো এন আৰ চি কৰ্তৃপক্ষই দিয়াকেইটাৰ ভিতৰৰ এটা) খোল খাইছে যদিও আৰু তাত এন আৰ চি সম্পৰ্কীয় অন্যান্য অনেক তথ্য আছে যদিও তথ্য বিচাৰিব পৰাকৈ কোনো searching mechanism চকুত পৰা নাই। হাস্যকৰভাৱে তাত এতিয়াও PART DRAFT NRC WILL BE PUBLISHED ON EXPIRY OF MIDNIGHT OF 31-12-2017 বুলিহে (১ জানুৱাৰি, ২০১৮, পুৱা ১১ বজা) ওলাই আছে। অৰ্থাৎ এই ৱেবছাইটটো এতিয়াও আপডেইট নহয়।

১ জানুৱাৰিৰ দিনৰ ১১.৪৫ বজাতো WILL BE PUBLISHED বুলিয়েই আছে assam.mygov.in নামৰ ৱেবছাইটোত।

আনহাতে এন আৰ চি কৰ্তৃপক্ষই দিয়া 24×7 হেল্পলাইন নম্বৰ ১৫১০৭ যিকোনো সময়তে ব্যস্ত পোৱা গৈছে।

এনে পৰিস্থিতিত এন আৰ চি সেৱাকেন্দ্ৰবোৰেই হয়তো ভৰসাৰ একমাত্ৰ থল হ’ব।