এন আৰ চিৰ খচৰা বিষয়ক ওজৰ-আপত্তি নিষ্পত্তিৰ সময়তে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ শংকা প্ৰকাশ এ আই য়ু ডি এফ-ৰ

Aminul Islam General Secretary AIUDF addressing press conference at Guwahati on 09-07-18. Pix BY UB photos

অহা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতে অসমত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচনক লৈ আজি ৯ জুলাইত শংকা প্ৰকাশ কৰিছে এ আই য়ু ডি এফে।

এন আৰ চিত নাম বাদ পৰা লোকে আবেদন জনাব নে পঞ্চায়ত নিৰ্বাচনত ভোট দিব বুলি প্ৰশ্ন উত্থাপন কৰি দলটোৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয় যে দলটোৰ এটা সঁজাতী দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব।

‘ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি এন আৰ চিৰ ‘দাবী আৰু আপত্তি’ চলি থকাৰ মাজতে পঞ্চায়ত নিৰ্বাচন, যিটো এক সাংবিধানিক দায়বদ্ধতা, অনুষ্ঠিত কৰিলে, ই ৰাজ্যৰ জনসাধাৰণৰ মাজত সমস্যাৰ সৃষ্টি কৰিব,’ ইছলামৰ আশংকা।

দলটোৰ গুৱাহাটীস্থিত মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত সংবাদমেলত ৰাজ্যৰ আইন-শৃংখলা সম্পৰ্কীয় প্ৰশ্ন উত্থাপন কৰি ইছলামে কয় ‘আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে কি কৰিব? যদি তেওঁলোক পঞ্চায়ত নিৰ্বাচনৰ নিৰাপত্তাত ব্যস্ত হৈ পৰে তেন্তে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত ৰাজ্যজুৰি দুষ্কৃতিকাৰীৰ সম্ভাব্য চেষ্টা প্ৰতিহত কৰাটো তেওঁলোকে কিদৰে নিশ্চিত কৰিব?’

আনহাতে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত ৰাজ্যৰ সংখ্যালঘু লোকসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি ইছলামে কয় ‘ৰাজ্যৰ সংখ্যালঘু লোকসকল নীৰৱ হৈ আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নোহোৱাক লৈ তেওঁলোক ভয়ত থকা নাই।’

‘চৰকাৰ আৰু নিৰ্বাচন আয়োগে ৰাজ্যত এন আৰ চিৰ ‘দাবী আৰু আপত্তি’ চলি থকাৰ মাজতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে, এন আৰ চি উন্নীতকৰণত ই চৰকাৰৰ এক হস্তক্ষেপ হ’ব,’ ইছলামৰ দাবী।

উল্লেখযোগ্য যে অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে।