এন আৰ চিৰ খচৰা : ৰাজনাথ সিঙৰ হস্তক্ষেপ বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই

22-05-18-Guwahati-Ripun-Bora-press-conference-4-570x320 (1)

ৰিপুন বৰাৰ সংবাদমেলৰ ফাইল ফটো : ইউ বি ফটো

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাই কেইবালাখো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ দিবলৈ এন আৰ চি কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপ বন্ধ কৰিবলৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ হস্তক্ষেপ বিচাৰিছে।

বৃহস্পতিবাৰে ৰাজনাথ সিঙলৈ লিখা এখন পত্ৰত বৰাই অসমত বসবাস কৰা প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছে।

পত্ৰখনত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰিছে যে ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা পোৱা তথ্যতই প্ৰকাশ কৰিছে যে কেইবালাখো ভাৰতীয় নাগৰিকে ৰাজ্যখনৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ ‘ৰাজনৈতিক ষডযন্ত্ৰ’ৰ বাবে এন আৰ চিৰ চূড়ান্ত খচৰাত তেওঁলোকৰ নাম বিচাৰি নাপাব।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পত্ৰখনত অভিযোগ কৰে যে ৰাজ্য চৰকাৰে ‘ধৰ্মীয় মেৰুকৰণ’ৰ জৰিয়তে ৰাজনৈতিক লাভৰ বাবে এন আৰ চিৰ ‘অপব্যৱহাৰ’ কৰিব বিচাৰিছে।

বৰাই লগতে কয় যে কংগ্ৰেছে যদিও ডি-ভোটাৰ আৰু তেওঁলোকৰ অঙহী-বঙহীৰ নাম এন আৰ চিৰ চূডান্ত খচৰাৰ পৰা বাদ দিয়াত আপত্তি কৰা নাই, কিন্তু উদ্বেগ প্ৰকাশ কৰে যে কেইবালাখো ধৰ্মীয় সংখ্যালঘু, ভাষিক সংখ্যালঘু আৰু নেপালী লোকৰ নাম এন আৰ চিৰ চূডান্ত খচৰাৰ পৰা বাদ পৰিব।

বৰাই লগতে অভিযোগ কৰে যে যদিও উচ্চতম ন্যায়ালয়ে বিবাহিত মহিলাৰ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ সচিবে প্ৰদান কৰা প্ৰমান পত্ৰ সংযোগী নথি হিচাপে বিবেচনা কৰিবলৈ অনুমতি দিছে, কিন্তু এন আৰ চি সেৱা কেন্দ্ৰৰ বিষয়াসকলে ‘নিৰ্দিষ্ট অভিপ্ৰায়’ৰে সেইবোৰ পুনৰীক্ষণৰ সময়ত প্ৰত্যাখ্যান কৰিছে।

বৰাই তেওঁৰ পত্ৰখনত লগতে শংকা প্ৰকাশ কৰিছে যে কিছুমান ন্যস্ত স্বাৰ্থজনিত গোট তথা সমাজ বিৰোধী শক্তিয়ে নাম বাদ পৰা সেই প্ৰকৃত ভাৰতীয় নাগৰিকসকলক উচটনি দি সামাজিক বিশৃংখলা সৃষ্ট কৰাৰ সুযোগ ল’ব পাৰে।