এন আৰ চিৰ চূড়ান্ত খচৰা : নলবাৰীত আৰক্ষী, সেনা, অৰ্ধসামৰিক বাহিনীৰ বৈঠকত ডিজিপি

-DGP

ডিজিপি কুলধৰ শইকীয়া : ফাইল ফটো

অহা ৩০ জুনত নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ লগে লগে আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈ পৰিছে অসম আৰক্ষী। নলবাৰীত উপায়ুক্তৰ কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত গুৰুত্বপূৰ্ণ এখন সভাত নামনি অসমৰ নলবাৰী, বাক্সা, বৰপেটা, দৰং আৰু কামৰূপ গ্ৰাম্য জিলাৰ আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়াৰ সৈতে আইন শৃংখলাজনিত পৰিস্থিতি সম্পৰ্কত আলোচনা কৰে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু মুখ্য সচিব টি ৱাই দাসে।

শেহতীয়াকৈ অসমক সংঘটিত চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ কাৰণে অসম আৰক্ষীয়ে বিশেষ শাখা গঠন কৰা বুলি প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

উল্লেখযোগ্য যে অহা ৩০ জুনত এন আৰ চিৰ দ্বিতীয়খন খচৰা প্ৰকাশ হোৱালৈ চাই নামনি অসমৰ এই পাঁচখন জিলাত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি জিলাৰ আৰক্ষী অধীক্ষকসকল আৰু উপায়ুক্তসকলক সকলো ধৰণৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে শুকুৰবাৰে আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবগৰাকীয়ে নিৰ্দেশনা জাৰি কৰা বুলি জানিব পৰা গৈছে।

আইন শৃংখলাজনিত পৰিস্থিতি সম্পৰ্কত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসো উপস্থিত থাকে।