NORTHEAST NOW (Assamese)

এন আৰ চিৰ তথ্য জালিয়াতিৰ অভিযোগত নগাঁৱত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

April 29, 2018 10:57 am · এন ই নাও নিউজ

এন আৰ চিৰ তথ্য জালিয়াতিৰ অভিযোগত শনিবাৰে নগাঁৱত তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নগাওঁ জিলাৰ কুঠৰীৰ আনোৱাৰ হুছেইন, আজমল আলী আৰু ৰূপহীহাটৰ কুৰছীদ আলমক তথ্য জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

বতৰ্মান নগাওঁ সদৰ আৰক্ষী থানাত তেওঁলোকক আৰক্ষীয়ে জেৰা কৰি থকা বুলি জানিব পৰা গৈছে। অভিযুক্ত লোক তিনিজনে কাজিৰঙাৰ জালালুদ্দিন নামৰ লোক এজনৰ লিগেচী ডাটা জালিয়াতি কৰি এন আৰ চিৰ নামভৰ্তি প্ৰক্ৰিয়াত জমা দিছিল। কিন্তু নাগৰিক পঞ্জীৰ বংশবৃক্ষ পৰীক্ষণৰ সময়ত এই জালিয়াতি ধৰা পৰে।

আৰক্ষী সূত্ৰই জনোৱা মতে কুঠৰীৰ আনোৱাৰ হুছেইন, আজমল আলী আৰু ৰূপহীহাটৰ কুৰছীদ আলম নামৰ লোক কেইজনৰ নিজৰ লিগেচী ডাটা নথকাত তেওঁলোকে কাজিৰঙাৰ জালালুদ্দিন নামৰ লোক এজনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি এন আৰ চিৰ আৱেদন পত্ৰ জমা দিছিল।

এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ বাবে হোৱা শুনানিৰ সময়ত লোক কেইজনে জখলাবন্ধাৰ এন আৰ চি সেৱা কেন্দ্ৰত আহি উপস্থিত হোৱাত জালালুদ্দিনৰ পৰিয়ালৰ লোকে লোককেইজনৰ জালিয়াতি ধৰা পেলায়।

ইয়াৰ পিছৰে পৰা লোক তিনিজনে নগাওঁ চহৰৰ আজাদ নগৰত বাস কৰা জালালুদ্দিনৰ কন্যাক তেওঁলোকক ভাতৃ বুলি চিনাকি দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰে। শনিবাৰেও লোক তিনিজনে মহিলাগৰাকীৰ স্বামীৰ গৃহত উপস্থিত হৈ তেওঁলোকক জালালুদ্দিনৰ পুত্ৰ তথা তেওঁৰ নিজৰ ভাতৃ বুলি এন আৰ চি কেন্দ্ৰলৈ গৈ পৰিচয় দিবলৈ তীব্ৰ হেঁচা প্ৰয়োগ কৰে।

সেই সময়ত মহিলাগৰাকীৰ স্বামী ঘৰত নাছিল যদিও মহিলাগৰাকীয়ে ফোন যোগে কথাখিনি জনোৱাৰ পিছত তেওঁ সমস্ত কথাখিনি আৰক্ষীক অৱগত কৰে।  নগাওঁ সদৰ আৰক্ষী থানাৰ এটি দল আহি আজাদ নগৰৰ তেওঁলোকৰ বাসগৃহৰ পৰা আনোৱাৰ হুছেইন, আজমল আলী আৰু কুৰছীদ আলমক আটক কৰি লৈ যায়।

Related News