এন আৰ চিৰ দ্বিতীয় খচৰা প্ৰকাশৰ সময়ত আইন-শৃংখলাৰ দিশত চকু ৰাখিবলৈ আহ্বান বোকাখাতৰ মহকুমাধিপতিৰ

বােকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বোকাখাতৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আজি বোকাখাতৰ বিশিষ্ট ব্যক্তি, গাঁওৰক্ষী বাহিনী তথা স্থানীয় দল-সংগঠনৰ বিষয়ববীয়াৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

মহকুমাধিপতি বিবেক শ্যামৰ উপস্থিতিত আয়োজিত এই বৈঠকত ৰাষ্টীয় নাগৰিকপঞ্জীৰ লগত সংগতি ৰাখি অাইন-শৃংখলা আৰু শান্তি সম্প্ৰীতি ৰক্ষাৰ বিষয়ে আলোচনা কৰা হয় ৷

উল্লেখযােগ্য যে চলিত বৰ্ষৰ ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয়খন খচৰা প্রকাশ পাব। গতিকে উক্ত সময়ছোৱাত যাতে মহকুমাটোত কোনােধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ মহকুমাধিপতিয়ে বৈঠকৰ জৰিয়তে সকলােকে আহ্বান জনায়। লগতে এই ক্ষেত্ৰত মহকুমা আৰক্ষী-প্রশাসনেও বিশেষ সতর্কতা অৱলম্বন কৰিব বুলিও তেওঁ উল্লেখ কৰে।

বৈঠকত মহকুমাধিপতিৰ লগতে বােকাখাত আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত উপস্থিত থাকি মহকুমাবাসীক এন আৰ চি সম্বন্ধিত কোনোধৰণৰ উৰা বাতৰিৰ ওপৰত গুৰুত্ব নিদিবলৈ তথা আইন-শৃংখলা বজাই ৰাখি এই ক্ষেত্ৰত প্ৰশাসনক সহযােগিতা আগবঢ়াবলৈ আহ্বান জনায়।

বৈঠকত এন আৰ চি সম্পর্কে উত্থাপিত বিভিন্ন প্রশ্নৰ উত্তৰ দি বােকাখাতৰ ৰাজহচক্র বিষয়া খনিন্দ্র দাসে  এন আৰ চি সম্পর্কত কোনাে ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হ’লে বিভাগীয় কৰ্তৃপক্ষৰ লগত যােগাযােগ কৰিবলৈ আহ্বান জনায়। বৈঠকত বােকাখাত মহকুমাৰ নির্বাচনী বিষয়া জিমলী শইকীয়া কাকতি আৰু সহকাৰী যুক্ত শান্তনু গগৈয়েও অংশ গ্ৰহণ কৰে।