মঙলদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত আজি সন্ধিয়া এটা আৰক্ষীৰ দলে এক অভিযান চলাই এন আৰ চিৰ এজন কৰ্মচাৰীক এজন লোকৰ পৰা এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বিনিময়ত উৎকোচ লোৱাৰ সময়তে হাতে-লোটে কৰায়ত্ত কৰে। আটকাধীন লোকজন পুঠিমাৰী গাঁও পঞ্চায়তৰ সচিব আব্দুল মালেক বুলি জানিব পৰা গৈছে।
নৌছাদ আলী নামৰ এজন ভুক্তভোগীয়ে আব্দুল মালেকৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ ভিত্তিতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
ধুলা আৰক্ষী চকীৰ অন্তৰ্গত ধশিৰিকাশ গাঁৱৰ নিৱাসী নৌচাদ আলীয়ে মঙলদৈ আৰক্ষী থানাত ৰুজু কৰা গোচৰ অনুসৰি আব্দুল মালেকে নৌচাদ আলীৰ পৰা এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবদ ৪ হাজাৰ টকাৰ উযকোচ বিচাৰে। ইয়াৰে ১৫০০ টকা নৌচাদ আলীয়ে আব্দুল মালেকক প্ৰদান কৰে।
কিন্তু আব্দুল মালেকে বিচৰা উৎকোচ দিবলৈ অসমৰ্থ নৌচাদ আলীয়ে পিছত মঙলদৈৰ আৰক্ষীৰ কাষ চাপে। ফলত আৰক্ষীৰ পূৰ্বপৰিকল্পানা অনুসৰি আজি নৌচাদ আলীয়ে আব্দুল মালেকক বাকী ২৫০০ টকা দিওঁতেই আৰক্ষীয়ে আব্দুল মালেকক হাতে-লোটে কৰায়ত্ত কৰে।
ইতিমধ্যে আৰক্ষীয়ে আব্দুল মালেকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি বিষয়া গৰাকী এনেধৰণৰ কাৰ্যত কিমন দূৰলৈকে জড়িত সেই বিষয়ত অনুসন্ধান কৰিছে।