এন আৰ চিৰ প্ৰথম খচৰাত ওদালগুৰিৰ ৬৭ শতাংশ লোক অন্তৰ্ভুক্ত

এন আৰ চি

শেহতীয়াকৈ প্ৰকাশিত এন আৰ চিৰ প্ৰথম খচৰাত ওদালগুৰি জিলাৰ ৬৭ শতাংশ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। সংবাদমাধ্যমক এই কথা জনাইছে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত বি জে মাণ্টাই।

ৱেবছাইটৰ উপৰি জিলাখনৰ এন আৰ চি সেৱা কেন্দ্ৰসমূহ তথা ৰাজহচক্ৰ বিষয়া কাৰ্যালয় সমূহ আৰু উপায়ুক্তৰ কাৰ্যালয়ত  এন আৰ চিৰ প্ৰথম খচৰাৰ তালিকা ৰাইজৰ বাবে সহজলভ্য কৰি ৰখা হৈছে।

এন আৰ চিৰ প্ৰথম খচৰাত নাম অন্তৰ্ভুক্ত হোৱা লোক সকলে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোক আদৰণি জনোৱাৰ বিপৰীতে নাম অন্তৰ্ভুক্ত নোহোৱা একাংশ জ্যেষ্ঠ নাগৰিকে নিজৰ নিৰুৎসাহ ব্যক্ত কৰি পৰৱৰ্তী খচৰাত নাম অন্তৰ্ভুক্তিৰ আশা কৰিছে।

খচৰাত নাম অন্তৰ্ভুক্ত হোৱা বহু লোকে ছচিয়েল মিডিয়াত এন আৰ চিৰ ছবি আপল’ড কৰি এন আৰ চি কৰ্তৃপক্ষৰ শলাগ লোৱাৰ বিপৰীতে নাম অন্তৰ্ভুক্ত নোহোৱা বা অন্তৰ্ভুক্তিত খেলিমেলি হোৱা সকলে এন আৰ চি প্ৰক্ৰিয়াটোৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰিছে।