এন আৰ চিৰ সম্পৰ্কত ডিজিপি : এই মাহতে আহি পাবহি অতিৰিক্ত বাহিনী

-DGP

ডিজিপি কুলধৰ শইকীয়া : ফাইল ফটো

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে তাৰ বাবে প্ৰতিখন জিলাতে আইন-শৃংখলাজনিত বিষয়সমূহ পৰ্যালোচনা কৰি থকা হৈছে। ৰাজ্যখনৰ শীৰ্ষ প্ৰশাসনিক বিষয়া মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু জিলা উপায়ুক্তসকলৰ উপস্থিতিত এই পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে।

উক্ত পৰ্যালোচনা বৈঠকসমূহত নিৰাপত্তাৰ দিশসমূহৰ ক্ষেত্ৰত থকা আসোঁৱাহসমূহ দূৰ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত হ’ব পৰা যিকোনো আইন-শৃংখলাজনিত সমস্যাৰ বাবে আৰক্ষী প্ৰশাসন সাজু আছে বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়া মতে যিবোৰ অঞ্চলত আশংকাৰ সৃষ্টি হৈছে তাত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ৰাজ্যখনত শান্তি-শৃংখলা বজাই ৰখাৰ বাবে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰাই কাম কৰি আছে আৰু শান্তি-সম্প্ৰীতি অটুট ৰখাৰ ক্ষেত্ৰত আৰক্ষী সফল হ’ব বুলি দাবী কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

ৰাজ্যখনত বৰ্তমান ৮৫ টা অৰ্দ্ধ সামৰিক বাহিনীয়ে কাম কৰি আছে বুলি জানিব দি সঞ্চালক প্ৰধান শইকীয়াই চলিত মাহতে অতিৰিক্ত বাহিনী অসমলৈ অহাৰ কথা ব্যক্ত কৰে।

বৰ্তমানে জিলাসমূহত চলি থকা নিৰাপত্তাসম্পৰ্কীয় বৈঠকসমূহত মূলত এন আৰ চি সম্পৰ্কিত বিষয়সমূহকে আলোচনাৰ বিষয় হিচাপে গ্ৰহণ কৰা হৈছে যদিও ৰাজ্যখনত শেহতীয়াকৈ উদ্ভৱ হোৱা উৰাবাতৰি, অন্ধবিশ্বাস আৰু মৰেল পুলিচ আদি বিষয়সমূহৰ প্ৰসংগয়ো স্থান লাভ কৰিছে।