এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি অসমত ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে : ৰাহুল গান্ধী

Rahul Gandhi

কংগ্ৰেছৰ সভাপতি ৰাহুৱ গান্ধী। ফাইল ফটো।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি অসমত এটা ঘৃণাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে। ৭ আগষ্টত নতুন দিল্লীত দলৰ সংসদীয় কমিটীৰ বৈঠকত তেওঁ এই মন্তব্যটো কৰে।

বৈঠকত উত্থাপিত অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটোত বহু সংখ্যক ভাৰতীয় নাগৰিকৰ নাম বাদ পৰা কথাটোতো নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতিজনে। তেওঁ বিজেপিক এই প্ৰক্ৰিয়াটোক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনায়।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো অতি জটিল আৰু সংবেদশীল বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে যিমান পাৰি সোনকালে অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জটিলতাবোৰ সমাধা কৰিব লাগে।

আনহাতে বহু সংখ্যক ভাৰতীয় লোকৰ নাম বাদ পৰা প্ৰসংগত তেওঁ কয় যে এই বাদ পৰা ভাৰতীয় লোকসকলে এতিয়া দেশৰ ভিতৰতে অসুৰক্ষিত অনুভৱ কৰিবলৈ লৈছে।

উল্লেখযোগ্য যে যোৱা ৪ আগষ্টত হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকতো অসমৰ নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ বিষয়ে গুৰুত্বসহ আলোচনা কৰা হৈছিল।