NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী : তথ্য জালিয়াতিৰ অভিযোগত গুৱাহাটীত এজনক গ্ৰেপ্তাৰ

April 29, 2018 9:59 am · এন ই নাও নিউজ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি সন্দেহযুক্ত নাগৰিকে নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শনিবাৰে গুৱাহাটীত আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰাৰ চেষ্টা কৰা এজন লোকক আৰক্ষীয়ে আটক কৰে।

নগাওঁ জিলাৰ লোকজনে গুৱাহাটীৰ এজন লোকৰ লিগেচী ডাটা ব্যৱহাৰ কৰাৰ পিছত বংশবৃক্ষ পৰীক্ষণৰ বাবে এন আৰ চি কৰ্তৃপক্ষই জাননী জাৰি কৰিছিল। সেই উদ্দেশ্যে গুৱাহাটীলৈ শুনানিৰ বাবে অহা জিতেশ চন্দ্ৰ দাস নামৰ লোকজনক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

নগাওঁ জিলাৰ মিচামুখ পাম উলুৱনি গাঁৱৰ বাসিন্দা দাসে আনৰ লিগেচী ব্যৱহাৰ কৰি নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে আৱেদন কৰিছিল। কিন্তু পৰীক্ষণৰ সময়ত একেটা লিগেচী দুটা পক্ষই ব্যৱহাৰ কৰাৰ কথা ধৰা পৰাত দুয়োটা পক্ষকে গুৱাহাটীলৈ তলব কৰা হয়।

বংশবৃক্ষ পৰীক্ষা কৰাৰ পিছত প্ৰকৃত লিগেচীৰ অধিকাৰীয়ে ভুৱা লিগেচী ডাটা ব্যৱহাৰ কৰা জিতেশ চন্দ্ৰ দাসৰ বিৰুদ্ধে পানবজাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

গুৱাহাটীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ বংশবৃক্ষ পৰীক্ষণৰ বাবে অহাৰ সময়ত পানবজাৰ আৰক্ষীয়ে জিতেশ চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰে।

প্ৰকৃত লিগেচীৰ অধিকাৰীৰ নাম নিৰাপত্তাজনিত কাৰণত আৰক্ষীয়ে  প্ৰকাশ কৰা নাই। আৰক্ষীয়ে অভিযুক্ত দাসৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

আনহাতে, এন আৰ চি কৰ্তৃপক্ষই জিতেশ চন্দ্ৰ দাসৰ নথি-পত্ৰসমূহ বিশদভাৱে পৰীক্ষা কৰাৰ কাম আৰম্ভ কৰিছে।

 

Related News