NORTHEAST NOW (Assamese)

এন আৰ চিৰ নথিত বিসংগতিৰ বাবে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদলৈ জাননী প্ৰেৰণ

December 6, 2017 12:01 pm · এন ই নাও নিউজ ব্যুৰো
Updated: December 6, 2017 12:30 pm

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) উন্নীতকৰণ কৰ্তৃপক্ষই কালি জাননী জাৰি কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদলৈ। ভাৰতীয় নাগৰিক হিচাপে তেওঁ দাখিল কৰা তথ্য বিভ্ৰান্তিকৰ বুলি কৰ্তৃপক্ষই এই জাননীত প্ৰাক্তন মন্ত্ৰীজনক জনায়। জাননীখন আহি পোৱাৰ লগে লগে প্ৰাক্তন মন্ত্ৰী জনৰ বাসগৃহত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। জাননীখন প্ৰেৰণ কৰাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ অন্তৰ্নিহিত থকা বুলি প্ৰাক্তন সমবায় মন্ত্ৰীজনে কয়। উল্লেখ্য যে এন আৰ চিৰ নথি ( বি ) পৰ্যাপ্ত নহয় বুলি কৰ্তৃপক্ষৰ ফালৰ পৰা এই পত্ৰ খন আহিছে। এই  প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ ফলত এন আৰ চি কৰ্তপক্ষই পুনৰ তেওঁৰ আৰু পৰিয়ালৰ অন্যান্য সদস্য সকলৰ নথি সমূহ পুনৰীক্ষণ কৰিব বুলি জনায়। জাননীখন লাভ কৰি তেওঁ কয় যে পিতৃ আব্দুল ৰেকিবৰ নামত ১৯৫১ চনৰ লিগেচি ডাটা এন আৰ চিৰ বাবে দাখিল কৰিছে। আনহাতে তেওঁৰ ককাৰ নামত থকা ১৮৩২ চনৰ মাটিৰ নথিও দাখিল কৰা বুলি জনায়। এনেক্ষেত্ৰত ভাৰতীয় নাগৰিক নোহোৱাৰ সন্দেহত প্ৰেৰণ কৰা জাননী খনৰ আঁৰত ৰহস্যৰ গোন্ধ পোৱা বুলি তেওঁ প্ৰকাশ কৰে। অৱশ্যে নথি পৰীক্ষা কাৰ্যসূচীত কৰ্তৃপক্ষক সম্পূৰ্ণ সহযোগিতা কৰিব বুলি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Related News