এন আৰ চি : পঞ্চায়তৰ নথিক সমৰ্থন নথি হিচাপে দাখিল কৰাসকলৰ নাম প্ৰথম খচৰাত নথকাৰ সম্ভাৱনা আনসকলতকৈ বেছি

এন আৰ চিৰ তথ্য চোৱাৰ উপায় সমূহ-

পৰৱৰ্তী ৩৬ ঘণ্টাৰ ভিতৰত বহু চৰ্চিত তথা ৰাজ্যজুৰি এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰা এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশ পাব। উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশমতেই অহা ৩১ ডিচেম্বৰৰ মাজৰাতি সংশ্লিষ্ট ৱেবছাইটযোগে উপলব্ধ হ’ব উন্নীতকৃত এন আৰ চিৰ তথ্য। ইয়াৰ বাবে প্ৰায় সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই কথা জনাইছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্য্যালয়ে। সৰ্বসাধাৰণ লোক যাতে অযথা উৎকণ্ঠিত বা শংকিত নহয় তাৰ বাবে ইতিপূৰ্বে ৰাজ্য চৰকাৰে যথেষ্ট সজাগতামূলক বিজ্ঞাপন প্ৰচাৰ কৰিছে। আনহাতে এন আৰ চি কৰ্তৃপক্ষই জনোৱা মতে ৱেবছাইটৰ উপৰি আন পদ্ধতিৰেও জানিব পাৰিব নিজৰ নাম অন্তৰ্ভুক্তিৰ বিষয়ে। তলত সংশ্লিষ্ট ৱেবছাইকেইটাকে ধৰি এই পদ্ধতিকেইটা চমুকৈ দিয়া হ’ল –

১। ৱেবছাইটযোগে-

ৱেবছাইটকেইটা হ’ল-

www.nrcassam.nic.in ,

www.assam.mygov.in

www.assam.gov.in

www.homeandpolitical.assam.gov.in

২। SMS যোগে-

এছ এম এছ যোগে স্বয়ংক্ৰিয়ভাৱে নিজৰ নাম অন্তৰ্ভুক্তিৰ বিষয়ে জানিবলৈ ৩১ ডিচেম্বৰৰ পূৰ্বেই নিজৰ ম’বাইল নম্বৰ পঞ্জীয়ন কৰিব লাগিব।

নিজৰ ম’বাইল নম্বৰ পঞ্জীয়ন কৰিবলৈ কি কৰিব?

কি বুলি SMS প্ৰেৰণ কৰিব?

(উদাহৰণ হিচাপে এজন মানুহৰ তেওঁ এন আৰ চিৰ ফৰ্ম পূৰাই জমা দিয়াৰ সময়ত পোৱা Application Receipt Number টো হ’ল :  10185672190000087961. এতিয়া তেওঁ এছ এম এছটো লিখিব এনেকৈ : ARN 10185672190000087961 আৰু সেইটো 9765556555 প্ৰেৰণ কৰিব।)

এইদৰে নিজৰ ম’বাইল নম্বৰ পূৰ্বপঞ্জীয়ন কৰি ৰাখিলে অহা ৩১ ডিচেম্বৰৰ মাজ নিশাৰ পিছত আপোনালৈ নিজে নিজে SMS আহিব। (অৱশ্যে যদি আপোনাৰ ম’বাইলৰ DND (Do not disturb) এক্টিভ কৰা আছে তেতিয়া নাহিব পাৰে।)।

আনহাতে নিজৰ ম’বাইল নম্বৰ পূৰ্ব পঞ্জীয়ন নকৰাকৈও SMS যোগে এন আৰ চিৰ তথ্য পাব পাৰে।

তাৰ বাবে তলত দিয়াৰ দৰে কৰক-

(উদাহৰণ হিচাপে এজন মানুহৰ তেওঁ এন আৰ চিৰ ফৰ্ম পূৰাই জমা দিয়াৰ সময়ত পোৱা Application Receipt Number টো হ’ল :  10185672190000087961. এতিয়া তেওঁ এছ এম এছটো লিখিব এনেকৈ : ARN 10185672190000087961)

৩। সেৱাকেন্দ্ৰলৈ গৈ

ওপৰৰ পদ্ধতি দুটাৰ উপৰি এন আৰ চিৰ সেৱাকেন্দ্ৰবোৰতো এই তথ্য উপলব্ধ হ’ব। সেৱাকেন্দ্ৰবোৰত থকা কৰ্মচাৰীক লগ কৰি পঞ্জীয়ন বহীত নিজৰ নাম চাব পাৰিব।

এন আৰ চি কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ১ জানুৱাৰিৰৰ দিনা পুৱা ৮ বজাৰ পৰা ৪ বজালৈ সেৱাকেন্দ্ৰবোৰ আৰু তাৰ পিছৰ পৰা, অৰ্থাৎ ২ জানুৱাৰিৰ পৰা ১০ বজাৰ পৰা ৪ বজালৈ এইবোৰ খোলা থাকিব। এই কেন্দ্ৰবোৰত ৩১ জানুৱাৰিলৈকে এই সেৱা উপলব্ধি হ’ব।

প্ৰথমখন খচৰাত নিজৰ নাম নাপালে কি কৰিব?

এন আৰ চিৰ কৰ্তৃপক্ষই nenow.in ক জনোৱা মতে কোনো ভাৰতীয় নাগৰিকে নিজৰ নাম প্ৰথমখন খচৰাত বিচাৰি নাপালেও চিন্তিত হ’ব নালাগে। এনেকুৱা পৰিস্থিতিত তেওঁলোকে দ্বিতীয়খন খচৰা প্ৰকাশ পোৱালৈ ৰ’ব লাগিব বুলি জনাইছে।

দ্বিতীয় খচৰাতো নিজৰ নাম নাপালে কি কৰিব?

দ্বিতীয় খচৰাতো কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম নাথাকিলে-

১। এন আৰ চি কৰ্তৃপক্ষৰ পৰা claim form সংগ্ৰহ কৰিব লাগিব।

২। দ্বিতীয় খচৰা প্ৰকাশ পোৱাৰ ৩০ দিনৰ ভিতৰত উপযুক্ত তথ্যপাতি সহ সেইখন পুনৰ জমা দিব লাগিব।

এইখিনি কথা এন আৰ চি কৰ্তৃপক্ষৰ পৰা জানিব পৰা গৈছে। এন আৰ চি কৰ্তৃপক্ষই জনোৱা মতে সমৰ্থন-নথি হিচাপে পঞ্চায়তৰ নথি দিয়া সকলৰ নাম নথকাৰ সম্ভাৱনা বেছি। উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ পূৰ্বে সেইবোৰ নথি অগ্ৰহণীয় বুলি বিবেচনা কৰা হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ে ৰায়টো দিয়াৰ পিছত সেইবোৰক বৈধ নথি হিচাপে ধৰা হৈছে আৰু দ্বিতীয় খচৰাত সেইসকলৰ নাম অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত।

আনহাতে দ্বিতীয় তথা অন্তিম খচৰাখন কেতিয়া প্ৰকাশ কৰা হ’ব সেই সম্পৰ্কত উচ্চতম ন্যায়ালয়ত অহা ২০ জানুৱাৰিৰ শুনানি হোৱাৰ কথা।