এন আৰ চি প্ৰসংগত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান উচ্চতম ন্যায়ালয়ৰ

এন আৰ চিৰ খচৰা প্ৰকাশৰ তাৰিখ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। উক্ত ৰায়টোত উচ্চতম ন্যায়ালয়ে অহা ৩১ ডিচেম্বৰৰ ভিতৰত এন আৰ চিৰ খচৰা প্ৰকাশ পাব লাগিব বুলি চৰকাৰক জনাইছে। উল্লেখযোগ্য যে খচৰা প্ৰকাশ কৰাৰ সময়সীমা ৭ মাহ পিছুৱাবলৈ গৃহ মন্ত্ৰ্যালয় আৱেদন জনাইছিল। অৰ্থাৎ ৩১ জুলাইলৈ খচৰা প্ৰকাশৰ সময়সীমা পিছুৱাবলৈ আৱেদন কৰিছিল গৃহ মন্ত্ৰণালয়ে। আজিৰ ৰায়টোৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে মন্ত্ৰ্যালয়ৰ এই আৱেদন খাৰিজ কৰে। উল্লেখযোগ্য যে এই সম্পৰ্কীয় ৭খন আৱেদনক লৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণৰ অন্তত এই  চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। ৰায়টোত এতিয়ালৈকে পৰীক্ষণ হোৱা ২ কোটি লোকৰ খচৰা প্ৰস্তুতৰ নিৰ্দেশ দিয়া হৈছে। বাকী অংশৰ খচৰা ২০ জানুৱাৰীৰ ভিতৰত প্ৰকাশৰ নিৰ্দেশ দিছে।