এন আৰ চি সংক্ৰান্তীয় ওজৰ-আপত্তিৰ বাবে হোজাইত বিশেষ কোষ স্থাপন
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছত এই সংক্ৰান্তত থকা যিকোনো ধৰণৰ ওজৰ-আপত্তি গ্ৰহণ কৰাৰ বাবে হোজাই জিলা প্ৰশাসনে এটা বিশেষ কোষ স্থাপন কৰিছে। অহা ৩০ জুনত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পাব।
সোমবাৰে জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তি মতে হোজাইৰ জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙৰ নিৰ্দেশ মৰ্মে স্থাপন হোৱা এই কোষৰ মূল দায়িত্বত থাকিব এ চি এছ বিষয়া ধ্ৰুৱ জ্যোতি নাথ।
প্ৰেছ বিজ্ঞপ্তিটোত লগতে কোৱা হয় যে উক্ত কোষটোৰ উপৰি জিলাখনত এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰা হৈছে। এই নিয়ন্ত্ৰণ কক্ষৰ কাম-কাজ জিলা সদৰৰ শংকৰদেৱ নগৰৰ পৰা চলিব।
এই ক্ষেত্ৰত কোনো লোকৰ কিবা কথা জানিবলগীয়া থাকিলে বা কিবা ওজৰ-আপত্তি থাকিলে লেণ্ডলাইন নম্বৰ ০৩৬৭৪-২৮৪২৮৪ত ফ’ন কৰি বিভাগীয় বিষয়াৰ সৈতে কথা পাতিব পাৰে বা nrcgrhojai2018@gmail.com লৈ মেইল কৰিব পাৰে বিজ্ঞপ্তিটোত জনোৱা হৈছে।