NORTHEAST NOW (Assamese)

এন আৰ চি সন্দৰ্ভত ভিত্তিহীন বাতৰিৰ বাবে The Hindu-ৰ বিৰুদ্ধে গোচৰ দিব প্ৰতীক হাজেলাই

June 27, 2018 10:38 am · এন ই নাও নিউজ
Updated: June 27, 2018 8:28 pm
প্ৰতীক হাজেলাৰ ফাইল ছবি

বহু সংখ্যক ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিৰ পৰা কৰ্তন কৰা বুলি ভিত্তিহীন বাতৰি পৰিৱেশন কৰা বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কাকত The Hindu ৰ বিৰুদ্ধে ৰঞ্জন গগৈৰ আদালতত অভিযোগ আনিব বুলি জানিব পৰা গৈছে। প্ৰতীক হাজেলাৰ মতে কাকতখনে নাগৰিকপঞ্জীৰ পৰা ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰা সংখ্যা সন্দৰ্ভত ভিত্তিহীন বাতৰি পৰিৱেশন কৰিছিল।

আনহাতে অন আৰ চিৰ দ্বিতীয় তথা চূড়ান্ত খচৰা প্ৰকাশৰ দিন প্ৰায় অনিশ্চয়তাৰ মাজলৈ গতি কৰা দেখা গৈছে। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোক লৈ সুখী নোহোৱা বিভিন্ন পক্ষক এতিয়া বিভিন্ন অজুহাত হিচাপে লোৱা দেখা গৈছে। আনকি কেন্দ্ৰীয় চৰকাৰৰ মাজৰ পৰাও এন আৰ চিৰ খচৰাক লৈ অসন্তুষ্টি তথা ষড়যন্ত্ৰ হোৱা বুলি অভিযোগ উঠি আহিছে।

এইখিনিতে মনত পেলাব পাৰি দেশৰ মহাপঞ্জীয়কক উচ্চতম ন্যায়ালয়ৰ সংশ্লিষ্ট বিচাৰপীঠে প্ৰক্ৰিয়াটোত বিধি-পথালি নিদিবলৈ সকীয়াই দিয়া কথাটো।

উল্লেখযোগ্য যে অহা ৩০ জুন আছিল এন আৰ চিৰ দ্বিতীয়খন খচৰা প্ৰকাশৰ সময়সীমা, যিটো উচ্চতম ন্যায়ালয়ে বান্ধি দিছিল। কিন্তু ৰাজ্যত হোৱা বান পৰিস্থিতিৰ দোহাই দি এই সময়সীমা নতুনকৈ নিৰ্ধাৰণ কৰাৰ বাবে ইতিমধ্যে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰেও এই দ্বিতীয় খচৰা প্ৰকাশৰ দিন পিছুৱাই দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিবলৈ তৎপৰতা চলাইছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে প্ৰতীক হাজেলাই দাখিল কৰা আৱেদনৰ শুনানি আছে অহা ২ জুলাইত।

Related News