হোজাই জিলাৰ লংকাৰ শণিমন্দিৰৰ সমীপত যোৱা নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত সংঘটিত হয় এক পথ দুৰ্ঘটনা। AS-02D-3058 নম্বৰৰ এখন ওৱেগনাৰ আৰু AS-02E-0122 নম্বৰৰ ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় উক্ত দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত ই-ৰিক্সাত থকা ৩ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোত আহত হোৱা কেইজনৰ নাম ক্ৰমে গোদ্দু দাস,মইনুল হক আৰু প্ৰদীপ নাথ বুলি জানিব পৰা গৈছে। আহত কেইজনক তৎকালীনভাৱে লংকা প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও গোদ্দু দাসৰ অৱস্থা সংকটজনক হোৱা বাবে চিকিৎসকে তেওঁক হোজাই হামলৈ প্ৰেৰণ কৰে। আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই ওৱেগনাৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি ওৱেগনাৰৰ চালকজন সুৰামত্ত অৱস্থাত আছিল। এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি কিছু শান্ত হয়।
লংকাত পথ দুৰ্ঘটনাত আহত ৩
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ ব্যুৰো, লংকা:
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
এন ই নাও নিউজ ব্যুৰো, লংকা:
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
এন ই নাও নিউজ ব্যুৰো, লংকা:
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
এন ই নাও নিউজ ব্যুৰো, লংকা:
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
এন ই নাও নিউজ ব্যুৰো, লংকা:
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
এন ই নাও নিউজ ব্যুৰো, লংকা:
September 16, 2024 1:06 pm