NORTHEAST NOW (Assamese)

এন ডি এফ বি (স) উপাধ্যক্ষ জি বিদাইক বিচাৰি সেনাৰ ব্যাপক অভিযান

April 23, 2018 11:08 pm · ৰিনয় বসুমতাৰী

এন ডি এফ বি (স) স্বয়ম্ভু উপাধ্যক্ষ তথা সেনাধিনায়ক জি বিদাইক বিচাৰি সেনাই আজি এটা বৃহৎ অভিযানত নামিছে। এই কথা সেনাৰ এটা সূত্ৰৰ পৰা গম পোৱা গৈছে।

সেনাৰ সূত্ৰটোৱে জনোৱা মতে জি বিদায়ে ৬-৮জন কেডাৰক লগত লৈ মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ আশে-পাশে অৱস্থান লোৱাৰ খবৰ পাইছিল সেনাই। ইয়াৰ ভিত্তিতে সেনাই অভিযান চলাইছে।

জানিব পৰামতে, সেনাই বাক্সা জিলাৰ লাবদাংগুৰি এনক্লেভ আৰু মানস ৰাষ্ট্ৰীয় অভয়াৰণ্যত এই অভিযান চলাইছে। জানিব পৰা মতে, সেনাই প্ৰথমবাৰৰ বাবে এনে বৃহৎ অভিযান চলাইছে, য’ত সেনাৰ বৃহৎ সংখ্যক গোট আৰু হেলিকপ্তাৰকে ধৰি অন্যান্য অত্যাধুনিক হাতিয়াৰ ব্যৱহাৰ কৰিছে।

এই প্ৰতিবেদন প্ৰস্তুত কৰা পৰ্য্যন্ত সেনাই মইনা মাতা পথাৰ, মাজাৰকুছি, কটাঝাৰ, আঠকড়ি আৰু আচিগুৰিত অভিযান সম্পূৰ্ণ কৰিছে।

Related News