এন পি এফে বিজেপিক মনত পেলাই দিলে ৰিঅ’ৰ পূৰ্বৰ বিশ্বাসঘাতকতাৰ কথা

Neiphiu-Rio-570x320

নেইফিউ ৰিঅ: ফাইল ফটো

আজি এটা প্ৰেছ টোকাৰ জৰিয়তে নাগালেণ্ডৰ শাসনাধিষ্ঠিত এন পি এফ দলে ৰিঅ’ নেতৃত্বাধীন এন ডি পি পিৰ সৈতে নিৰ্বাচনী মিত্ৰতা কৰা বিজেপিক এক প্ৰকাৰৰ সাৱধান কৰি কয় যে ৰিঅ’ৰ অতীত বিশ্বাসঘাতকতাৰ কথা বিজেপিয়ে মনত ৰখা উচিত। এন ডি পি পি (Nationalist Democratic Progressive Party) আৰু বিজেপিৰ  মিত্ৰ জোঁটটোৱে নাগালেণ্ডৰ ভোটাৰক পৰৱৰ্তী চৰকাৰখন তেওঁলোকেই গঠন কৰিব বুলি বিশ্বাস জন্মাবলৈ চেষ্টা কৰি থকাৰ মাজতে আজি কৰা এই সতৰ্কবাণীয়ে তেওঁলোকৰ উৎসাহত নিশ্চিত নিম্নচাপৰ সৃষ্টি কৰিছে।

ঘাইকৈ বিজেপিৰ নেতৃত্বক লক্ষ্য কৰি লিখা টোকাটোত কোৱা হয় যে ৰিঅ’ই পূৰ্বে ২০০৪ চনত সাতজন বিজেপিৰ বিধায়কক এন পি এফত চামিল কৰাইছিল আৰু একেটা ঘটনা হৈছিল ২০০৮ চনত, য’ত বিজেপিৰ বিধায়ক আছিল ২জন। এইটো কৰি তেওঁ উৎফুল্ল হৈ য়ু পি এৰ অধ্যক্ষা ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছিল এই বুলি যে তেওঁ সফলতাৰে নাগালেণ্ডৰ পৰা বিজেপিক উৎখাত কৰিলে। অৱশ্যে ২০০৮ চনৰ সেই চিঠিখন ছোনিয়া গান্ধীৰ হাতত নপৰি বিজেপিৰ হাতত পৰিল, যাৰ বাবে ৰিঅ’ৰ কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ’ল। -এইদৰে কয় টোকাটোত।

.

আনহাতে এন পি এফে এই মিত্ৰতা তেনেই চমু হ’ব বুলিও দাবী কৰে। ইয়াৰ কাৰণ হিচাপে কোৱা হৈছে নিৰ্বাচনৰ পিছত বৰ্তমান বিজেপিৰ নয়নৰ মণি হৈ থকা ৰিঅ’ই বিজেপিৰ সদস্য (যদিহে থাকে)কেইজনক তেওঁৰ দলত চামিল কৰাই পেলাব।

টোকাটোত বিজেপিয়ে সামূহিক বিস্মৃতিৰ সমস্যাত ভোগা বুলিও কটাক্ষ কৰা হৈছে।

‘আৰু বিজেপিয়ে, যাক এবাৰ নাগালেণ্ডৰ পৰা উৎখাত কৰা হৈছিল, পুনৰ নাগালেণ্ডত খোপনি পুতিবলৈ সংগ্ৰাম কৰি আছে।

আনহাতে দলটোৱে কয় যে বিজেপিৰ সৈতে এন পি এফ দলৰ বিচ্ছেদক বহুতো নেতাই ভাল লক্ষণ হিচাপে দেখা পাইছে। এইটোও কোৱা হৈছে যে বিজেপি দলে এতিয়া এন ডি পি পিৰ সৈতে লগ লাগি যিকোনো প্ৰকাৰে ক্ষমতা হস্তগত কৰিবলৈ চেষ্টা কৰিছে। এন ডি পি পিয়ে বিজেপিক ২০খন আসন আগ বঢ়াই নাগা সমাজৰ বাবে ভাবুকিস্বৰূপ তথা নাগা সংস্কৃতি লগত নিমিলা সংস্কৃতি মাতি আনি নাগা জীৱন প্ৰণালীলৈ ভাবুকি আনিব খুজিছে।

লগতে টোকাটোত কোৱা হৈছে যে নাগাসকলৰ পৰিচয়, পৰম্পৰা আৰু সংস্কৃতিৰ দায়িত্ব কান্ধ পাতি লোৱাটো এতিয়া এন পি এফৰ ভাগতে পৰিল। দলটোৱে নাগা পৰম্পৰা আৰু জীৱন পদ্ধতিক সুৰক্ষা দিবলৈ নাগাসকলৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰ’ল।