এপিএছচিত ধনৰ বিনিময়ত চাকৰি লোৱা বৃহৎ কেলেংকাৰীৰ তদন্তৰ দিশত আৰক্ষীয়ে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা এচিএছ বিষয়াকে ধৰি আন বিষয়াসকলৰ মুক্তিৰ পথ ৰুদ্ধ হৈ পৰাৰ পিছত এইবাৰ বাকী থকা আন বহু বিষয়াকে ধৰি কেলেংকাৰীটোত জড়িত কেইবাজন দালালো অচিৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।
নিজৰ সাংবিধানিক পদবীৰ অপব্যৱহাৰ কৰি অসম লোকসেৱা আয়োগক চাকৰিৰ বজাৰলৈ পৰিণত কৰা ৰাকেশ পাল আৰু তেওঁৰ সংগীসকল আইনী ব্যৱস্থাৰ পৰা ৰেহাই পোৱাৰ বাট ক্ৰমে স্তব্ধ হৈ পৰিছে। মুখ্যমন্ত্ৰী সোণোৱালৰ কঠোৰ স্থিতিৰ বাবে এপিএছচি কেলেংকাৰীৰ তদন্তই এটা ফলাফল দাঙি ধৰিব বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।
এক সূত্ৰৰ পৰা জানিব পৰা মতে বক্ৰ পথেৰে ধনৰ বিনিময়ত চাকৰি ক্ৰয় কৰা কেইবাজনো ৰাজপত্ৰিত বিষয়া শীঘ্ৰেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। ফৰেনছিক লেবৰেটৰীৰ পৰা প্ৰতিবেদন লাভ কৰা এই বিষয়া সকলৰ বিৰুদ্ধে দুই এদিনতে অভিযান চলোৱা হ’ব পাৰে বুলিও সূত্ৰটোৱে ইংগিত দিছে।
ডিব্ৰুগড় আৰক্ষীয়ে এই চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে অভিযান চলোৱা আৰু আইনী পদক্ষেপ গ্ৰহণৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। তদন্তকাৰী বিষয়াই অহা দুমাহৰ ভিতৰত লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ হৈ উঠিব বুলি ইতিমধ্যে ঘোষণা কৰিছে।
তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত বাকী আইনী প্ৰক্ৰিয়া অব্যাহত থাকিব তথা আৰক্ষীৰ হাতত মজুত থকা নথি পত্ৰৰ ভিত্তিত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অভিযানো চলি থাকিব।
আনহাতে, আৰক্ষীয়ে তদন্তৰ সময়ত লাভ কৰা তথ্যৰ ভিত্তিত ৰাকেশ পাল আৰু তেওঁৰ সংগীসকলৰ হৈ দালালি কৰা ১২ জন দালালক চিনাক্ত কৰিছে। ইতিমধ্যে আৰক্ষীয়ে চাৰিজন দালালক গ্ৰেপ্তাৰ কৰিছে। ডিব্ৰুগড় আৰক্ষীয়ে ৰাকেশ পালৰ দালাল নৰকান্ত পাটিৰৰ জৰিয়তে গোটেই কেলেংকাৰীটো পোহৰলৈ উলিয়াই আনিছিল। পাটিৰৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আয়োগৰ সদস্য ছামেদুৰ ৰহমানৰ দেহৰক্ষী তথা দালাল মাবুদ আলী চৌধুৰীক। ৰাকেশ পালৰ আন দুজন দালাল আছিল আয়োগৰ কৰ্মচাৰী মুছাৰফ হুছেইন আৰু আব্বাছ আলী আহমেদ।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে ৰাকেশ পালৰ মূল দালাল হিচাপে কাম কৰিছিল ভাতৃ ৰাজীৱ পাল আৰু গাড়ীচালক সুদীপ্ত পালে। তদুপৰি পশু চিকিৎসক মৃগেন শইকীয়া পালৰ অন্যতম দালাল আছিল।
জানিব পৰা মতে ৰাকেশ পালৰ এই চাকৰি বিক্ৰীৰ কেলেংকাৰীৰ দালালসকলৰ ভিতৰত আছে একেধৰণে বক্ৰ পথেৰে চাকৰি ক্ৰয় কৰা এজন আৰক্ষী উপ- অধীক্ষক, এজন সাংবাদিক, এজন বিল্ডাৰ, এগৰাকী অভিনেত্ৰী, এজন অটোচালক আৰু অনুকূল ঠাকুৰৰ দুজন ভক্ত। এই সকলৰ বিৰুদ্ধে শীঘ্ৰেই আৰক্ষীৰ অভিযান চলিব বুলি এক নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা গৈছে।