উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ লগত উমৰাঙচুত গঢ়ি উঠা ১২০ মেগাৱাটৰ ল’ৱাৰ কপিলী হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্টকলৈ সোমবাৰে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ হৈ নৰ্মাল বিভাগৰ প্ৰধান সচিব মুকুট কেম্প্ৰাই আৰু এপিজিচিএলৰ মুখ্য মহাপ্ৰৱন্ধক অন্তৰা বৰুৱাৰ মাজত চুক্তিখন স্বাক্ষৰিত হয়।
পাৰ্বত্য পৰিষদৰ চিইএম কনফাৰেন্স হলত চিইএম দেব’লাল গাৰ্লোচা আৰু পৰিষদৰ আন কেইবা গৰাকী ইএমৰ উপস্থিতিত চুক্তিত স্বাক্ষৰ কৰা হয়। চুক্তি অনুসৰি পৰিষদে এপিজিচিএলক ৬৮০০ বিঘা ভূমি আবন্টন দিব। ভূমিৰ ভাৰা হিচাপে বছৰি ৫০ হেজাৰ টকা দিয়া হব। আনহাতে মুঠ বিদ্যুত উৎপাদনৰ ৫ শতাংশ ধন পৰিষদক ৰাজহ হিচাপে তুলি দিয়া হব।
উল্লেখ্য যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত অপৰ্যাপ্ত ৰাজহৰ কাৰণে দৰমহা প্ৰদানত সমস্যাৰ সৃষ্টি হৈ আহিছে। যোৱা এঘাৰ মাহ ধৰি দৰমহাহীনভাৱে কাম কৰি আছে পৰিষদৰ নৰ্মাল বিভাগৰ প্ৰায় দুই সহস্ৰাধিক কৰ্মচাৰী। কাৰণ দৰমহাৰ কাৰণে পৰিষদৰ বছৰত প্ৰয়োজন প্ৰায় আশী কোটি টকা। কিন্তু পৰিষদৰ বৰ্তমান ৰাজহ সংগ্ৰহ হয় বিশৰ পৰা বাইশ কোটি টকা। এনে পৰিস্থিতিত এপিজিচিএলৰ লগত এই চুক্তিৰ জৰিয়তে পৰিষদৰ ৰাজহ বৃদ্ধি হোৱাটো নিশ্চিত হৈছে।
সোমবাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত চিইএমৰ বাহিৰে পৰিষদৰ অধ্যক্ষা ৰাণু লাংঠাচাৰ বাহিৰে ইএম কুলেন্দ্ৰ দাউলাগুপু, সুব্ৰত থাউচেন আৰু এপিজিচিএলৰ পক্ষৰ পৰা থাকে পৰিচালন সঞ্চালক কল্যাণী বৰুৱা, অএছডি আৰ দাস আদিয়ে প্ৰধান। উল্লেখনীয় যে সত্তৰৰ দশকত উমৰাঙচুত প্ৰথমটো জল বিদ্যুৎ প্ৰকল্প স্থাপন কৰা হ’লেও তেতিয়াৰ ৰাজনৈতিক নেতা সকলৰ অদূৰদৰ্শিতাৰ কাৰণে স্বায়ত্ত শাসিত পৰিষদে এটকাও ৰাজহ হিচাপে পোৱা নাই। অসম আৰু মেঘালয় চৰকাৰে এই ৰাজহখিনি লাভ কৰি আহিছে।