এফালে বিদেশীক চিনাক্তকৰণ কৰিব খোজা হৈছে আনফালে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশীক বৈধতা দিব খুজিছে : মুকুল চাংমা

অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাজ্যকেইখনেও সীমান্তৰ সতৰ্কতা বৃদ্ধি কৰিছে। ইতিপূৰ্বে মণিপুৰ, অৰুণাচল প্ৰদেশ চৰকাৰে তেওঁলোকৰ আৰক্ষী বিভাগক এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰাৰ পিছত মেঘালয় চৰকাৰেও অনুপ্ৰৱেশকাৰীৰ ওপৰত চকু ৰাখিবলৈ জিলাৰ উপায়ুক্তসকলক তথা আৰক্ষী বিভাগক নিৰ্দেশ দিছে। মেঘালয়ৰ মুখ্য মন্ত্ৰী মুকুল চাংমাই কালি কয় যে প্ৰয়োজনীয় সতৰ্কতা বৃদ্ধি কৰিবলৈ সকলো জিলাৰ উপায়ুক্তলৈ আৰু জিলাৰ আৰক্ষী অধীক্ষকসকললৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে।

চাংমাই কালি সাংবাদিকৰ আগত কয় যে অবৈধ নাগৰিকৰ অনুপ্ৰৱেশৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা আইন অনুসৰি লোৱা হৈছে। মেঘালয়বাসীৰ নিৰাপত্তা আৰু সুৰক্ষা আইন, ২০১৬ (Meghalaya Residents Safety and Security Act, 2016)ও ইয়াৰ মাজত আছে।

ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানেও এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

‘স্থানীয় কৰ্তৃপক্ষবোৰক সতৰ্ক কৰি সেইবোৰক অবৈধ অনুপ্ৰৱেশ বিষয়টো চম্ভালিবলৈ দিয়া হৈছে।’ মুখ্য মন্ত্ৰীজনে কয়।

আনহাতে সংবাদ মাধ্যমৰ আগত মুকুল চাংমাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি ইয়াৰ বাবে কেন্দ্ৰৰ বিজেপিক ভৎৰ্সনা কৰে। তেওঁ কয় যে এহাতে এন আৰ চিৰ জৰিয়তে বিদেশীক চিনাক্তকৰণ কৰিব খোজা হৈছে আনফালে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশীক বৈধতা দিব খুজিছে। তেওঁ কয় যে বিদেশী নাগৰিকসকলক নাগৰিকত্ব দিবলৈ ওলোৱাটো অসম, মেঘালয় তথা সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ বাবেই কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ‘বিদেশী নাগৰিকসকলৰ  গোটেই বোজা উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰতে পৰিব। আপোনালোকে ভাবে নেকি যে অনুপ্ৰৱেশকাৰী বিদেশী নাগৰিকসকল অসম বা উত্তৰ-পূব এৰি কেৰালা, ৰাজস্থান, পাঞ্জাবলৈ যাব?’ এইদৰে কয় মুখ্য মন্ত্ৰীজনে।