এবছুৰ আন্দোলনৰ আঁৰত বিজেপি : হাগ্ৰামা মহিলাৰী

04-05-18 Mushalpur- Hagrama Mohilary address media (2)

হাগ্ৰামা মহিলাৰীৰ ফাইল ফটো

মুছলপুৰত শুকুৰবাৰে  সংবাদমাধ্যমৰ আগত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী মিত্ৰজোঁট চৰকাৰৰ প্ৰধান দল বিজেপি আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতি আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে। তেওঁ বিশেষকৈ শাসক দল বিজেপিক আক্ৰমণৰ মূল লক্ষ্য কৰি লয়।

বাক্সা জিলাৰ সদৰ মুছলপুৰৰ জিলা বিপিএফৰ কাৰ্যালয়ত উপস্থিত হৈ হাগ্ৰামা মহিলাৰীয়ে অভিযোগ কৰে যে বিগত তিনিদিন ধৰি এবছুৱে পৃথক বড়োলেণ্ডৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি থকাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

এবছুৰ কৰ্মীসকলে ৰাজপথতে আন্দোলনকাৰীসকলৰ বাবে চাহ-পিঠাৰ দোকান পৰ্যন্ত দিছে। দুজনমান বিজেপি নেতাৰ উচটনিতে এবছুৱে এনেদৰে পথ অৱৰোধ কৰাৰ সাহস পাইছে বুলিও হাগ্ৰামাই অভিযোগ কৰে।

হাগ্ৰামাই কয় যে এবছুৰ সলনি অবড়ো সুৰক্ষা সমিতি, মদাহী জনজাতি বা আন সংগঠনে পথ অৱৰোধ কৰিলে প্ৰশাসনে লাঠী চালনা কৰিলেহেঁতেন।

বৰমাত এবছুৰ পথ অৱৰোধ, শুকুৰবাৰে।

মিত্ৰজোঁটৰ বিজেপিৰ প্ৰতি আক্ৰমণাত্মক দৃষ্টিভংগীৰে মহিলাৰীয়ে কয় যে বিজেপিয়ে এবছুৰ লগ লাগি বিপিএফক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে। কিন্তু বিটিচিত বিপিএফক বিজেপিয়ে একো কৰিব নোৱাৰে।

বিজেপিৰ কোন কোন নেতা এনে ষড়যন্ত্ৰত জড়িত আছে বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাগ্ৰামাই  কাৰো নাম নোলোৱাকৈ কয় যে ‘ বিজেপিৰ একাংশ নেতা ইয়াত জড়িত। ই এশ শতাংশই সত্য।‘

বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ কেইজনমান বিজেপি নেতাৰ সৈতে মনোমালিন্য ঘটা কথাটো সৰ্বজনবিদিত যদিও মিত্ৰজোঁট চৰকাৰৰ অন্যতম অংশীদাৰ বিপিএফৰ মুৰব্বীগৰাকীয়ে এনেদৰে মুকলিকৈ বিজেপিৰ বিৰুদ্ধে অভিযোগ অনাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।